কিছু উদণ্ড ছাত্ৰৰ বাবেই যেন আকৌ এবাৰ কালিমা লাগিল কটন বিশ্ববিদ্যালয়ৰ। পুনৰ বিতৰ্কৰ মাজত কটন বিশ্ববিদ্যালয়। এইবাৰ সুৰাপান কৰিবলৈ নিদিয়াৰ বাবেই প্ৰচণ্ড মাৰপিট। এই অভিযোগ সুৰক্ষা কৰ্মী পূৰ্বজ্যোতি কলিতাৰ।
উল্লেখ্য যে, সুৰাপান কৰিবলৈ নিদিয়াত হোষ্টেলৰ সুৰক্ষা কৰ্মীক প্ৰহাৰ কৰে কটন বিশ্ববিদ্যালয়ত অধয়নৰত্ব দুই ছাত্ৰই। SNBC হোষ্টলৰ দুই ছাত্ৰৰ বিৰুদ্ধে মাৰপিটৰ অভিযোগ। খঞ্জন গোহাঁই আৰু আন এজন ছাত্ৰৰ বিৰুদ্ধে অভিযোগ তুলিছে সুৰক্ষা কৰ্মী পূৰ্বজ্যোতি কলিতাই।
জানিব পৰা মতে, সুৰক্ষা কৰ্মীজনৰ পোছাক ফালি দিয়ে দুই ছাত্ৰই। পাণবজাৰ আৰক্ষী থানাত গোচৰ সুৰক্ষাকৰ্মী পূৰ্ৱজ্যোতি কলিতাৰ। পাণবজাৰ থানাত পূৰ্বেও খঞ্জন গোহাঁই বিৰুদ্ধে ৰুজু হৈছিল গোচৰ।
- Log in to post comments