ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচন ২০২৪ৰ ফলাফল, ভাৰতীয় প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী ঋষি ছুনকক পৰাস্ত কেয়াৰ ষ্টাৰমাৰৰ....

Rishi sunak

ইতিহাস ৰচি প্ৰথমবাৰৰ বাবে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ আসনত অধিস্থিত হৈছিল ভাৰতীয় মুলৰ ঋষি ছুনক। ২০২৪ত অনুষ্ঠিত হোৱা ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচনত প্ৰধানমন্ত্ৰীৰ আসন হেৰুৱালে ভাৰতীয় ঋষি ছুনকে।

ইতিমধ্যেই ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচন ২০২৪ৰ ফলাফল ঘোষণা হৈছে। আৰু এই নিৰ্বাচনত লেবাৰ পাৰ্টিয়ে জয়লাভ কৰিলে, লগতে বিশ্বৰ নেতাসকলে কেয়াৰ ষ্টাৰমাৰক অভিনন্দন জনায়। ।

উল্লেখ্য যে, যোৱা ৫ জুলাইত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় নিৰ্বাচনত ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনাকে পৰাজয় স্বীকাৰ কৰে। উত্তৰ ইংলেণ্ডত সংসদীয় আসন জয় কৰাৰ পিছত সুনাকে কয় যে, ‘এই সাধাৰণ নিৰ্বাচনত লেবাৰ পাৰ্টিয়ে জয়লাভ কৰিছে আৰু মই কেয়াৰ ষ্টাৰমাৰক ফোন কৰি তেওঁৰ জয়ৰ বাবে অভিনন্দন জনাইছো'। 

'ষ্টাৰমাৰ ডাঙৰীয়াই সুনক ডাঙৰীয়াৰ ঠাইত প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিব, যাৰ ফলত কনজাৰ্ভেটিভ দলৰ ১৪ বছৰীয়া শাসনৰ অন্ত পৰিব'।

Category