পুৰৈ শাকৰ সৈতে দাইলৰ খা -
প্ৰয়োজনীয় সামগ্ৰী:
এমুঠি পুৰৈ শাক
মগু-মচুৰ দাইল
মিঠাতেল
পাঁচফোৰণ
আদা
জলকীয়া
কলাখাৰ
নিমখ
ৰন্ধন প্ৰণালী -
পুৰৈ শাক মুঠি ধুই কাটি ল'ব। আনফালে, মগু-মচুৰ দাইল খিনি ৪০ মিনিট তিয়াই ধুই ল'ব। এতিয়া এটা কেৰাহীত তেল খিনি গৰম কৰি পাঁচফোৰণ দি আদা বটা দি দিব। আৰু এক মিনিট পিছত দাইল খিনি দি কম জুইত ভাজি থাকিব।৭-৮ মিনিট পিছত শাক খিনি দি তাত কলাখাৰ আৰু নিমখ, জলকীয়া দি লৰাই দুই-তিনি মিনিট ঢাকি থ'ব। এতিয়া পানী দুই কাপ দি ভালকৈ উতলাই নমাই ভাতৰ পৰিবেশন কৰিব।
Category
- Log in to post comments