বহুমূত্ৰ বা মধুমেহ ৰোগ কেনেকৈ হয়....

Health tips

 

▶  বহুমূত্ৰ বা মধুমেহ কি কেনেকৈ হয় ?

বহুমূত্ৰ বা মধুমেহ হৈছে এটি হৰম’নজনিত ৰোগ ।  মানব শৰীৰৰ পাচনতন্ত্ৰৰ লগত জড়িত অগ্ন্যাশয়ে যথেষ্ট পৰিমাণে ইনচুলিন ব্যৱহাৰত ব্যৰ্থ হলে এই ৰোগ হয়। এই ৰোগ চিকিৎসাৰ দ্বাৰ আৰোগ্য বা নিয়ন্ত্ৰণ হয় যদিও ইয়াৰ চিকিৎসা বহু দীঘলীয়া । এই ৰোগত আক্ৰান্ত ব্যক্তিৰ নানা ধৰণৰ জটিলতা, দেহৰ কোষৰ লগতে অংগসমূহো বিকল হ’ব পাৰে। এনে ৰোগ যত মানুহৰ শৰীৰৰ তেজত চুগাৰৰ মাত্ৰা বাঢ়ি যায় আৰু লগতে হাৰ্ট এটেক আৰু মানসিক অসুস্থতাও দেখা পোৱা যায় । মধুমেহ ৰোগক নিয়ন্ত্ৰণত ৰাখিবলৈ আমাৰ খাদ্য সূচীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যদি ভালদৰে খোৱা বোৱা কৰা হয় তেন্তে এই ৰোগক বহুত নিয়ন্ত্ৰণত ৰাখিব পাৰি ।

▶  বহুমূত্ৰ বা মধুমেহ ৰোগীয়ে কি খাব নালাগে –

১)  বগা ব্ৰেড যিমান পাৰি আপুনি এৰুৱাই চলক। কিয়নো ইয়াত ৰিফাইন কাৰ্ব’হাইড্ৰেটৰ পৰিমাণ বেছিকৈ থাকে যিয়ে আমাৰ তেজত গৈ পোৱাৰ লগে লগে চুগাৰৰ মাত্ৰা বঢ়াই দিয়ে।

২) “বগা ভাত”ত ফাইবাৰৰ মাত্ৰা বহুত কম পৰিমাণে থাকে লগতে ইয়াত কম মাত্ৰাৰ কাৰ্ব’হাইড্ৰেট থাকে যাৰ ফলত ই সহজতেই হজম হৈ যায় আৰু আমাৰ তেজৰ চুগাৰৰ মাত্ৰা বঢ়াই দিয়ে।

৩)  “আলু”  আৰু আলুৰে তৈয়াৰী সামগ্ৰীত চুগাৰৰ মাত্ৰা বেছি পৰিমানে থাকে। আলুৰ গ্লাইছেমিক্স  ইণ্ডেক্স প্ৰায় ৮৫%  যি আমাৰ তেজৰ চুগাৰৰ মাত্ৰা বঢ়াবলৈ পৰ্যাপ্ত হয়।

৪) “ফলমূলৰ জুছ” সাধাৰণতে ফলমূলত কাৰ্ব’হাইড্ৰেট আৰু ফাইবাৰ বহু পৰিমানে পোৱা যায়। কিন্তু ফলমূলৰ জুছত ফ্ৰুট চুগাৰ থাকে যিয়ে আপোনাৰ ব্লাড চুগাৰ বঢ়াই। অৱশ্যে ই কম মাত্ৰাৰ ব্লাড চুগাৰৰ বাবে অতি সহায়ক হয়।

৫)” ৰঙা মাংস” গো-মাংস, গাহৰিৰ মাংস আৰু ছাগলীৰ মাংস ৰঙা মাংসৰ ভিতৰত পৰে। এই মাংসত চৰ্বি বেছি পৰিমানে থাকে যি এই ৰোগীৰ বাবে ক্ষতিকাৰক । ই মধুমেহ ৰোগীৰ হৃদপিণ্ড আৰু চুগাৰৰ বাবে খুবেই বেয়া।

৬)” Whole milk” এনেধৰণৰ dairyৰ সামগ্ৰীত kolestrolৰ মাত্ৰা বেছিকৈ থাকে যিয়ে আপোনাৰ চুগাৰৰ মাত্ৰা বঢ়াই।

৭) ” Soft drink” শীতল পানীয় বা কোল্ড ড্ৰিংক্সত অত্যাধিক মাত্ৰাত চুগাৰ আৰু এডিটিভ কম্পাউণ্ড থাকে। ইয়াক সেৱন কৰাৰ পাছত শৰীৰত চুগাৰৰ মাত্ৰা বাঢ়ি যায় ।

৮)  “Deep Fried Fruit” অধিক তেলত ভজা বস্তু বেছিকৈ খাব নালাগে। যিমান পাৰি হোটেলত অধিক তেলত ভজা বস্তু যেনে চিঙৰা, কছৰী, ভোজীয়া ইত্যাদিবোৰ খাব নালাগে। ইয়াত বহুত পৰিমাণৰ ফেট থাকে যি হাৰ্টৰ সমস্যা বঢ়াই আৰু চুগাৰৰ মাত্ৰাও বঢ়াই। 

৯) ” Raisins” খিছমিছত অধিক পৰিমাণৰ ফাইবাৰ, ভিটামিন, এন্টিঅক্সিডেন্ট থাকে। কিন্তু তথাপিও ই মধুমেহ ৰোগীৰ চুগাৰৰ মাত্ৰা বঢ়াই দিয়ে । কিয়নো ইয়াত অধিক পৰিমাণৰ প্ৰাকৃতিক চুগাৰ থাকে ।
 

▶  বহুমূত্ৰ বা মধুমেহ ৰোগীয়ে কি খাব লাগে –

১)” Cinnamon”  যিটোক আমি ডাল চিনি বুলি কওঁ আৰু আমি ইয়াক মছলা জাতীয় সামগ্ৰীত ব্যৱহাৰ কৰোঁ। যদি আপুনি প্রতিদিনে ১/৪ চামুচ ডাল চিনি সেৱন কৰে তেন্তে ই আপোনাৰ শৰীৰৰ চুগাৰ, কলেষ্টলৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে। আপুনি ইয়াক কফি,দৈ, ডালিয়া ইত্যাদিৰ লগত মিলাই খাব পাৰে ।

২)  “Nuts” বাদাম জাতীয় সামগ্ৰী যেনে কাজু  ইয়াত প্ৰটিনৰ মাত্ৰা বেছি থাকে। ইয়াত কাৰ্ব’হাইড্ৰেটৰ মাত্ৰা কম হোৱাৰ বাবে ই ব্লাড চুগাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিব পাৰে।

৩)  ” Beans” ফ্ৰেছবিনত অত্যধিক পৰিমাণত ফাইবাৰ থাকে আৰু লগতে প্ৰটিন ও থাকে। যাৰ ফলত ই আপোনাৰ চুগাৰৰ মাত্ৰা কম হৈ থাকে।
৪)” ব্ৰ’ক’লি”  ইয়াত ছালফুৰাফেন নামৰ এটা কম্পাউণ্ড থাকে। যিয়ে শৰীৰৰ তেজৰ সঞ্চালন ঠিক কৰে আৰু ইয়াত কম মাত্ৰাত কাৰ্ব’হাইড্ৰেট থাকে যি আপোনাৰ চুগাৰৰ মাত্ৰা কমাই ৰাখে। লগতে ইয়াত ভিটামিন আৰু আইৰন ও থাকে।

৫)”পালেং শাক ”  ই হৈছে মেগনেছিয়ামৰ ভাণ্ডাৰ।মেগনেছিয়ামে আপোনাৰ ব্লাড চুগাৰ লেভেল কমাই ৰখাত অতি সহায়ক হয়। ইয়াৰ উপৰিও ইয়াত ভিটামিন k আৰু ফলেত থাকে।

৬)” Olive Oil”  ইয়াত Maufa নামৰ এটা বস্তু থাকে যিয়ে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা কমাই ৰাখে। ইয়াৰ উপৰিও ই আপোনাৰ কলেষ্ট্ৰলৰ মাত্ৰাও বৰ্তাই ৰাখে।

৭) “Oats” ত ফাইবাৰৰ মাত্ৰা বেছি পৰিমানে থাকে। ই লাহে লাহে হজম হয়। ইয়াৰ ফলত আপোনাৰ শৰীৰত লাহে লাহে আৰু কম পৰিমাণে চুগাৰ হয়।

৮) “Dairy products”গাখীৰ, দৈ আৰু পনিৰত পোৱা কেলচিয়াম,মেগনেছিয়াম  আৰু ভিটামিন D য়ে আপোনাৰ শৰীৰক ইনচুলিন ছেনচিটিভ বনাই। যাৰ ফলত আপোনাৰ উচ্চ ব্লাড চুগাৰৰ শংকা কম হয়।

 

বহুমূত্ৰ বা মধুমেহ ৰোগীসকলে খোৱা খদ্যত সাৱধানতা অৱলম্বন কৰিলে নিশ্চিতভাৱে এই ৰোগৰ পৰা কিছু পৰিমানে সকাশ পাব । এই লেখনীৰ পৰা যদি কিছু সহায় হয় তেন্তে জনাবলৈ নাপাহৰিব ।  

Category
Profile picture for user UB Photos