কাইলৈ ৭৫ সংখ্যক গণৰাজ্য দিৱস! এইবাৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি হৈছে ফ্ৰাঞ্চৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন...............

modi

কাইলৈ দেশৰ ৭৫ সংখ্যক গণৰাজ্য দিৱস। দেশজুৰি গণৰাজ্য দিৱসৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। এইবাৰ দেশৰ ৰাজধানী দিল্লীত গণৰাজ্য দিৱসৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব ফ্ৰাঞ্চৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে।

উল্লেখ্য যে, ফ্ৰাঞ্চৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন আজি জয়পুৰত উপস্থিত হ’ব। ফ্ৰাঞ্চৰ ৰাষ্ট্ৰপতি গৰাকীক জয়পুৰত আদৰণি জনাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰ পিছতে মেক্ৰনক ঐতিহাসিক জয়পুৰ চহৰৰ বিভিন্ন বুৰঞ্জী প্ৰসিদ্ধ ঠাই পৰিদৰ্শন কৰোৱা হ’ব। 

লগতে, ফ্ৰাঞ্চৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক এক ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব। ইয়াৰোপৰিও, আমিৰ ফ’ৰ্ডত অনুষ্ঠিত কৰিবলগীয়া এক সাংস্কৃতিক অনুষ্ঠানতো ফ্ৰাঞ্চৰ ৰাষ্ট্ৰপতি মেক্ৰন আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব। 

জানিব পৰা মতে, ৰাষ্ট্ৰপতি মেক্ৰনে জয়পুৰৰ ইউনেস্ক’ৰ ৱৰ্ল্ড হেৰিটেড ছাইট যন্তৰ মন্তৰ পৰিদৰ্শন কৰিব। প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি মেক্ৰনে জয়পুৰৰ হাৱামহলত বিশেষ চাহৰো সোৱাদ ল’ব। ৰামবাগ পেলেচত দুয়োৱে নিশাৰ আহাৰ গ্ৰহণ কৰিব। 

ইয়াৰ পিছতেই ফাঞ্চৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ দিল্লীৰ গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। ইতিমধ্যে গণৰাজ্য দিৱস উপলক্ষে দিল্লীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে।

Category
Profile picture for user UB Photos