হাড় মজবুত কৰিবলৈ ভিটামিন ডি যুক্ত কি কি শুকান ফল খাব লাগে?.........

dried fruits

ভিটামিন ডি আমাৰ শৰীৰৰ বাবে আটাইতকৈ উপযোগী। ভিটামিন ডি য়ে হাড় মজবুত হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদান কৰে। ভিটামিন ডি য়ে আমাক বয়স বৃদ্ধিৰ সময়ত অষ্টিঅ’পৰ’ছিছ (osteoporosis)ৰ পৰা ৰক্ষা কৰিব পাৰে। 

লগতে, শিশুৰ হাড়ৰ ৰোগ প্ৰতিৰোধতো সহায় কৰে। নিয়মিতভাৱে ৰ’দৰ সংস্পৰ্শলৈ আহিলে প্ৰচুৰ পৰিমাণে ভিটামিন ডি পোৱা যায়। ইয়াৰ উপৰিও সঠিক ভিটামিন ডি পোৱা খাদ্য যেনে ছালমন, টুনা মাছ, দুগ্ধজাত সামগ্ৰী আৰু শুকান ফল আদি খাব পাৰে ।

চৰ্বিত দ্ৰৱীভূত ভিটামিন ডি হাড়ৰ স্বাস্থ্য বজাই ৰখা, ৰোগ প্ৰতিৰোধ ক্ষমতাক সহায় কৰা, শৰীৰত কেলচিয়াম আৰু ফছফৰাছৰ মাত্ৰা নিয়ন্ত্ৰণ কৰা আদি গুৰুত্বপূৰ্ণ শাৰীৰিক কাৰ্য্যৰ বাবে অপৰিহাৰ্য। ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱাৰ মতে, গৰ্ভৱতী আৰু স্তন্যপায়ী মহিলাকে ধৰি প্ৰাপ্তবয়স্ক আৰু ১ বছৰৰ পৰা শিশুসকলক দিনটোত ১০ মাইক্ৰ’গ্ৰাম ভিটামিন ডিৰ প্ৰয়োজন হয়।

আমাক ভিটামিন ডিৰ প্ৰয়োজন কিয়?

ভিটামিন ডি আপোনাৰ শৰীৰত বিভিন্ন কাৰণত প্ৰয়োজন হয়। ইয়াৰ কিছুমান কাৰণ হ’ল-

১/ হাড়ৰ স্বাস্থ্য ভিটামিন ডিয়ে কেলচিয়াম শোষণত সহায় কৰে। ইয়াৰ ফলত হাড় শক্তিশালী আৰু সুস্থ হোৱাত সহায় কৰে।

২/ প্ৰতিৰোধ ক্ষমতাৰ সমৰ্থনত এই ভিটামিনে ৰোগ প্ৰতিৰোধ ক্ষমতাৰ কাৰ্য্যত ভূমিকা পালন কৰে। ই শৰীৰক সকলো ধৰণৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰাত সহায় কৰে।

৩/ ভিটামিন ডি আৰু মেজাজ নিয়ন্ত্ৰণৰ মাজত সম্পৰ্ক আছে। ই সম্ভাৱনাময়ভাৱে মানসিক সুস্থতা বৃদ্ধি কৰে বুলি বিশেষজ্ঞ সকলে কয়।

৪/ দীৰ্ঘদিনীয়া ৰোগ প্ৰতিৰোধ কৰাত ভিটামিন ডিৰ মাত্ৰা বজাই ৰখাটো গুৰুত্বপূৰ্ণ। ইয়াৰ ফলত হৃদযন্ত্ৰৰ ৰোগকে ধৰি কিছুমান দীৰ্ঘদিনীয়া অৱস্থাৰ সম্ভাৱনা কম হ’ব পাৰে।

কোনবোৰ শুকান ফলত ভিটামিন ডি প্ৰচুৰ পৰিমাণে থাকে?

১/ শুকান ডুমুৰ - প্ৰতি ১০০ গ্ৰামত প্ৰায় ৩ আই ইউ ভিটামিন ডি থকা শুকান ডুমুৰত আঁহ, কেলচিয়াম, পটাছিয়াম, আৰু মেগনেছিয়ামৰ পৰিমাণৰ বাবেও জনা যায়।

২/ আলমণ্ড (কাঠ বাদাম) - প্ৰতিদিনে ৰাতিপুৱা তিয়াই থোৱা আলমণ্ড খোৱাৰ অভ্যাস কৰক। ই শৰীৰৰ বাবে ভাল, কিয়নো আলমণ্ডত দৈনিক মূল্যৰ ৯ শতাংশ ভিটামিন ডি পোৱা যায়। ইয়াৰ উপৰিও ইয়াত আঁহ, প্ৰ’টিন, কেলচিয়াম, ভিটামিন ই, তাম আৰু মেগনেছিয়াম থাকে।

৩/ কিচমিচ - বিশেষজ্ঞৰ মতে প্ৰতি ১০০ গ্ৰামত প্ৰায় ৮২.০০ আই ইউ ভিটামিন ডি পাব পাৰে। মিঠা শুকান ফলটোত আঁহ আৰু আইৰণৰ দৰে গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থও থাকে।

৪/ প্ৰুন - প্ৰুনত প্ৰায় ৩.৭ মিলিগ্ৰাম ভিটামিন ডি থাকে।ইয়াত অন্যান্য ভিটামিন যেনে এ, চি আৰু কে আদিও থাকে।

৫/ ক্ৰেনবেৰী - ক্ৰেনবেৰী ভিটামিন চিৰ এক উৎকৃষ্ট উৎস, যাৰ বাবে ই ছালৰ যত্ন লোৱা সামগ্ৰীৰ তাৰকা উপাদান। কিন্তু ইয়াত ভিটামিন ডি ও থাকে, গতিকে হাড়ৰ স্বাস্থ্য উন্নত কৰিবলৈ ইয়াক ৰাখক।

Category
Profile picture for user UB Photos