অহা ২২ জানুৱাৰীত আয়োজিত অযোধ্যাৰ ৰাম মন্দিৰৰ শুভ উদ্বোধনী অনুষ্ঠানৰ বাবে প্ৰয়োজনীয় ৭ হাজাৰ বাঁহ বকোৰ পৰা প্ৰেৰণৰ দিহা কৰা হৈছে।
বকোৰ গোহালকোনা কছাৰীপামৰ পৰা প্ৰায় ১২৫০কিলোমিটাৰ দূৰত্বৰ ৰাম মন্দিৰলৈ এখন ১০ চকীয়া কন্টেইনাৰৰ জৰিয়তে প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে এই ৭ হাজাৰ ডাল বাঁহ।
আজি পুৱতি নিশা অযোধ্যাৰ ৰাম মন্দিৰলৈ বকোৰ গোহালকোনাৰ পৰা ৰাউনা হ'ব কন্টেইনাৰখন। তাৰ পূৰ্বে অসম-মেঘালয় সীমান্তৱৰ্তী চিৰসেউজ লাম্পীৰ পৰা সংগ্ৰহ কৰি গোহালকোনা কছাৰীপামত থুপাই ৰখা হৈছিল ৭ হাজাৰ ডাল বাঁহ।
অসম বিকলাংগ সন্থাৰ উদ্যোগত আৰু একাংশ লাম্পীৰ ধৰ্মপ্ৰাণ লোকৰ সহযোগত সংগ্ৰহ কৰা এই বাঁহখিনি প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে। ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ সদস্য অৰ্জুন চেত্ৰীৰ তত্বাৱধানত ইতিমধ্যে এই ৭ হাজাৰ বাঁহ প্ৰেৰণৰ কাৰ্য তীব্ৰবেগীত আগবাঢ়িছে।
অসম বিকলাংগ সন্থাৰ সাধাৰণ সম্পাদক জীল চৌধুৰীৰ নেতৃত্বত লাম্পীৰ পৰা বিনামূলীয়ালৈ বাঁহ সংগ্ৰহ কৰি প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে। লাম্পীৰ পৰা অযোধ্যাৰ ৰাম মন্দিৰলৈ বাঁহ প্ৰেৰণ কৰাৰ সুবিধা লাভ কৰি গৌৰাম্বিত বুলি মন্তব্য কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ সদস্য অৰ্জুন চেত্ৰীয়ে।
- Log in to post comments