পহিলা জানুৱাৰীত মুখ্যমন্ত্ৰীৰ ‘নতুন দিনৰ আলাপ’। দিছপুৰৰ জনতা ভৱনত মুখ্যমন্ত্ৰীৰ বিশেষ অনুষ্ঠান। সংবাদ মাধ্যমৰ সাংবাদিক, সম্পাদকৰে আলাপ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
বিগত বৰ্ষৰ খতিয়ান দাঙি ধৰিছে মুখ্যমন্ত্ৰীয়ে। ২০২৪ বৰ্ষৰ লক্ষ্যও সদৰী কৰিব মুখ্যমন্ত্ৰীয়ে। তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত অনুষ্ঠান। ৩১ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ল ১১২খন কেবিনেট বৈঠক।কেবিনেটত লোৱা হ’ল ১,৫১৩টা সিদ্ধান্ত। ইয়াৰে কাৰ্যকৰী হ’ল ১,৩৭০টা সিদ্ধান্ত।
১৩খন কেবিনেট বৈঠক দিছপুৰৰ বাহিৰত অনুষ্ঠিত হৈছিল। ৰাজ্যৰ জিলাসমূহত ১২৩বাৰ ভ্ৰমণ কৰিছিল মুখ্যমন্ত্ৰীয়ে। SP, DCৰে জিলাসমূহত অনুষ্ঠিত হৈছিল সন্মিলন। ৪৪জন কেন্দ্ৰীয় মন্ত্ৰী ১৭৭ বাৰ আহিছিল অসমলৈ
৮৩ বাৰ আহিছিল সচিব পৰ্যায়ৰ বিষয়া। বিদেশী প্ৰতিনিধিয়েও ভ্ৰমণ কৰিছে অসম।
২০২৩ত শান্তিৰ পৰিৱেশে বিৰাজ কৰিছিল অসমত। ১১খনকৈ শান্তি চুক্তি সম্পন্ন হৈছিল ২০২৩ । পৰেশ বৰুৱাক বাদ দি সশস্ত্ৰ সংগঠন নোহোৱা হ’ল। ১৮ শতাংশ ৰাজহ সংগ্ৰহ হৈছিল ২০২৩ত । ৫৮ হাজাৰ কোটিৰ অনুমোদন হৈছিল ৩ বছৰত। বেদখলকাৰীৰ পৰা মুক্ত হৈছে ৫ হাজাৰ হেক্টৰ বনভূমি।
২০২৩ত ৬৩ হাজাৰলৈ হ্ৰাস অপৰাধমূলক গোচৰ। বিগত বছৰটোত জব্দ ১৬৪ কেজি হেৰ’ইন। ৫ হাজাৰ ব্যক্তিক গ্ৰেপ্তাৰ, ৩ হাজাৰ গোচৰ ৰুজু। ১০৩জন দুৰ্নীতিগ্ৰস্ত বিষয়াক গ্ৰেপ্তাৰ। দুৰ্নীতিগ্ৰস্ত বিষয়াৰ পৰা জব্দ ৪.৩৩ কোটি টকা।
২০২৪ৰ লক্ষ্যসমূহ ঘোষণা মুখ্যমন্ত্ৰীৰ। আৰম্ভ হ’ব নতুন মেডিকেল কলেজ। চাহ বাগিচাত স্থাপন হ’ব ২০০খন বিশেষ বিদ্যালয়। ২০২৪ উদ্যোগ স্থাপনত মাইলৰ খুঁটি হ’ব। আজিৰে পৰা গুৱাহাটীত ১৩ হাজাৰক যোগান ধৰা হ’ব পানী।
- Log in to post comments