অযোধ্যা ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীৰ এটা বিশেষ কামক লৈ আচৰিত হৈ পৰিছে প্ৰতিগৰাকী লোক। প্ৰধানমন্ত্ৰীৰ এই বিশেষ কাৰ্যই মন জয় কৰিলে প্ৰতিজন ভাৰতীয়ৰে। অযোধ্যা ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী উপস্থিত হ’ল ‘উজ্জলা যোজনা’ৰ এগৰাকী হিতাধিকাৰী ঘৰত।
কেৱল মহিলাগৰাকীৰ ঘৰত উপস্থিত হোৱাই নহয়, মহিলাগৰাকী জীৱন সংগ্ৰামৰ বিষয়ে জানিলে প্ৰধানমন্ত্ৰী মোদীয়ে। লগতে মহিলা গৰাকীৰ সন্তানকো কোলাত তুলি ল’লে প্ৰধানমন্ত্ৰীয়ে। ব্যস্ততাৰ মাজতে এই বিশেষ মহিলাগৰাকী ঘৰত বহি গ্ৰহণ কৰিলে একাপ চাহ।
প্ৰথম অৱস্থাত মহিলাগৰাকীয়ে একো উমানে পোৱা নাছিল যদিও পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে কিছু সময় প্ৰাণ ভৰি কথা পাতিলে।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰীয়ে সাক্ষাৎ কৰা এই মহিলাগৰাকীৰ নাম মীৰা। জানিব পৰা মতে, অযোধ্যাত ফুল বিক্ৰী কৰে মীৰাই। প্ৰধানমন্ত্ৰী দেশৰ কোটি কোটি মহিলাৰ বাবে মুকলি কৰা প্ৰধানমন্ত্ৰী উজ্জলা যোজনাৰ ১০ কোটি সংখ্যক হিতাধিকাৰী মীৰা।
আনহাতে মীৰাৰ শাহুৱে চুম্ৱকেৰে নৈৰ পৰা খচুৰা পইচা সংগ্ৰহ কৰে। এই পৰিয়ালটোত প্ৰধানমন্ত্ৰীৰ পদাৰ্পণৰ পিছতে পৰিয়ালটোৰ মাজত আনন্দৰ সীমা নোহোৱা হৈছে।
- Log in to post comments