প্ৰসংগঃ বিধায়কৰ দৰমহা বৃদ্ধি! ২০২৪ ৰ বাজেট অধিৱেশনৰ পাছতে বিধায়কৰ দৰমহা বৃদ্ধিৰ সম্ভাৱনা..........

MLA Salary

অসমৰ বিধায়কৰ দৰমহা বৃদ্ধিৰ দাবী উঠিছিল বিধানসভাত। কিছুসময়ৰ বাবে বিষয়টোৱে গেঠেলা মাৰিছিল যদিও আকৌ আলোচনা হৈছে বিধায়কৰ দৰমহা বৃদ্ধিৰ বিষয়টো। পিছে বৰ্ধিত হাৰত কেতিয়াকৈ দৰমহা লাভ কৰিব বিধায়ক সকলে? 

এইবাৰ বিধায়কৰ দৰমহা বাঢ়িব! বিধায়কৰ দৰমহা বৃদ্ধিৰ বিষয়ক লৈ আলোচনা বিধানসভাত! দৰমহা বৃদ্ধি সন্দৰ্ভত জ্যেষ্ঠ বিধায়কৰে বৈঠক বিধানসভাৰ উপাধ্যক্ষৰ!

উল্লেখ্য যে, সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে গতিকে বিধায়কৰ দৰমহা বৃদ্ধি হ'ব লাগে বুলি বিধানসভাত দাবী উত্থাপন কৰিছিল বিধায়ক সকলে। কেৱল বৰ্তমানৰ বিধায়ক সকলৰেই নহয় ,প্ৰাক্তন বিধায়ক সকলৰো পেঞ্চন বৃদ্ধিৰ দাবী। পিছে এই দাবীক কাৰ্যকৰী কৰাত বৰ্তমানলৈ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই চৰকাৰ অথবা বিধানসভা কতৃপক্ষই। 

কিন্তু, ২০২৪ ৰ বাজেট অধিৱেশনৰ পাছতে বৃদ্ধি হ'ব পাৰে বিধায়কৰ দৰমহা! এক সুত্ৰ অনুসৰি এই খবৰ পোৱা গৈছে। প্ৰথমে বৃদ্ধি হ'ব পাৰে প্ৰাক্তন বিধায়কৰ পেঞ্চন! তাৰ পাছতহে বৃদ্ধি হ'ব বিধায়কৰ দৰমহা। 

কিন্তু, কাম কাজ লেহেমীয়া হোৱাৰ ভাষ্য একাংশ বিধায়কৰ। আটাইতকৈ তাৎপৰ্যপূৰ্ণ বিষয়টো হ'ল বিধানসভাত শাসক বিৰোধী বিধায়কৰ মিল নাথাকিলেও দৰমহাৰ প্ৰসংগত এক শাসক বিৰোধী বিধায়ক! পিছে বিধায়কৰ দৰমহা বাঢ়ে নে নাবাঢ়ে বাজেট অধিৱেশনতহে গম পোৱা যাব।

Category
Profile picture for user UB Photos