নতুন নামকৰণ ৰাহুল গান্ধীৰ যাত্ৰাৰ
‘ভাৰত জোড়ো যাত্ৰা’ৰ নতুন সংস্কৰণ
‘ভাৰত ন্যায় যাত্ৰা’ৰে আকৌ আহিব ৰাহুল গান্ধী
১৪ জানুৱাৰীৰ পৰা ‘ভাৰত ন্যায় যাত্ৰা’
মণিপুৰৰ পৰা মুম্বাইলৈ হ’ব এই যাত্ৰা
৬,২০০ কিলোমিটাৰ পথ সামৰিব এই যাত্ৰাত
১৪খন ৰাজ্যৰ মাজেৰে আগবাঢ়িব ৰাহুলৰ ‘ন্যায় যাত্ৰা’
২০ মাৰ্চত মুম্বাইত অন্ত পৰিব ‘ন্যায় যাত্ৰা’ৰ
উল্লেখ্য যে, মণিপুৰৰ পৰা আৰম্ভ হৈ নাগালেণ্ড, মেঘালয়, পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, ছত্তীশগড়, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ৰাজস্থান, গুজৰাট হৈ মহাৰাষ্ট্ৰৰ মুম্বাইত উপস্থিত হ’ব ‘ভাৰত ন্যায় যাত্ৰা’। ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাহুল গান্ধীয়ে দেশজুৰি চলাইছিল ‘ভাৰত জোড়ো’ যাত্ৰা।
পাঁচ ৰাজ্যৰ নিৰ্বাচনত উক্ত যাত্ৰাৰ ইতিবাচক প্ৰভাৱ সন্দৰ্ভত যথেষ্ট আশাবাদী আছিল কংগ্ৰেছ নেতৃত্ব। কিন্তু নিৰ্বাচনত কংগ্ৰেছ দলে কোনো চমকপ্ৰদ সফলতা প্ৰদৰ্শন কৰিব নোৱাৰিলে। ফলত ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ ফলপ্ৰসূতাক লৈও প্ৰশ্ন উত্থাপিত হয়।
এনে এক সময়তে নাম সলনি কৰি নতুন নামেৰে আকৌ এবাৰ যাত্ৰাত ওলোৱা ৰাহুল গান্ধীৰ এই চেষ্টা কিমানদূৰ ফলৱৰ্তী হ’ব সেয়া হ’ব লক্ষণীয়। আন এক তাৎপৰ্যপূৰ্ণ দিশ হ’ল যাত্ৰা আৰম্ভ হ’ব মণিপুৰৰ পৰা। মেঘালয়তো হ’ব ‘ভাৰত ন্যায় যাত্ৰা’।
কিন্তু ৰাহুল গান্ধীৰ এই ন্যায় যাত্ৰাৰ সূচীত নাই অসমৰ নাম। অসমক বাদ দি উত্তৰ–পূৰ্বাঞ্চলৰ মাজেৰে পশ্চিমৱংগ হৈ মুম্বাইলৈ যাত্ৰা কৰিব ৰাহুল গান্ধীয়ে। অসমক বাদ দিয়াৰ প্ৰসংগটো চৰ্চিত হৈছে ৰাজনৈতিক মহলত।
- Log in to post comments