অসম ৰাজ্যিক চিৰিয়াখানাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। জিৰাফৰ পোৱালিক দুগ্ধপান কৰালে মুখ্যমন্ত্ৰীগৰাকীয়ে। আজি নামকৰণ কৰা হয় চিৰিয়াখানাত জন্ম হোৱা জিৰাফৰ পোৱালীটোৰ। ১৬ অক্টোবৰত জন্ম হৈছিল জিৰাফৰ পোৱালিটোৰ।
এতিয়াৰে পৰা 'পাৰিজাত' নামেৰে পৰিচিত হ'ব চিৰিয়াখানাৰ জিৰাফৰ পোৱালীটো। লটাৰীযোগে এই নাম নিৰ্বাচন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৪০ হাজাৰৰো অধিক নামৰ প্ৰস্তাৱ আহিছিল অনলাইনযোগে। এমাহ পূৰ্বে জন্মলাভ কৰিছিল জিৰাফ পোৱালিটোৱে।
আজি পুৱাতেই অসম ৰাজ্যিক চিৰিয়াখানাত উপস্থিত মুখ্যমন্ত্ৰী । বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সৈতে চিৰিয়াখানা পৰিদৰ্শন কৰে তেওঁ। চিৰিয়াখানা পৰিয়ালৰ নতুন সদস্যৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে।
এতিয়াৰে পৰা চিৰিয়াখানাত দেখিবলৈ পাব কেংগাৰু, ওৰাংওটাং। ৩৫০ কোটি ব্যয়ৰে চিৰিয়াখানাই পাব নতুন ৰূপ। লগতে মুকলি কৰা হ’ব এখন শিশু উদ্যান। ৰাজ্যিক চিৰিয়াখানাত নিযুক্তি দিব দুজন চিকিৎসক। আনহাতে ডিব্ৰুগড়, শিলচৰত মুকলি হ’ব নতুন চিৰিয়াখানা।
- Log in to post comments