শিখৰ খোৱাই কাল হ’ল এজন যুৱকৰ! দেহত পিক পেলোৱাক লৈ দুই পক্ষৰ সংঘাতৰ, নিহত এজন যুকৱ.............

shikhar

বৰ্তমান সময়ত অধিকাংশ লোকেই পাণ-মচলা খায়। সেই পাণ-মচলাই প্ৰাণ কাঢ়িলে এইজন যুৱকৰ। এই নাৰকীয় ঘটনাটো সংঘটিত হৈছে চিলাপথাৰত।

উল্লেখ্য যে, শিখৰ খোৱাৰ বাবেই কাল হ’ল এজন যুৱকৰ!দেহত পিক পেলোৱাক লৈ দুই পক্ষৰ মাজত প্ৰচণ্ড সংঘাতৰ সৃ্ষ্টি হয়। তাৰ পাছতে চুৰিকাঘাতত মৃত্যু কৃষ্ণ দত্ত নামৰ যুৱকজনৰ। নিহত কৃষ্ণ দত্তৰ ঘৰ মাছখোৱাৰ দলগুৰিত বুলি জানিব পৰা গৈছে। যুৱকজনৰ মৃত্যুক কেন্দ্ৰ কৰি চিলাপথাৰত চাঞ্চল্য।

প্ৰাপ্ত অভিযোগ মতে, অৰুণাচল প্ৰদেশৰ ডাপৰিজোৰ পৰা  ৬ জন যাত্ৰী কঢ়িয়াই  অনা এখন জিপ বাহন ইগ'নামৰ ঠাইখনত বিশেষ কামৰ বাবে ৰখোৱায়। হঠাৎ  গাড়ীৰ যাত্ৰী কৃষ্ণ দত্ত নামৰ যুৱকজনে অচিনাক্ত যুৱক এজনৰ গাত শিখৰ খোৱা পিক পেলোৱাক লৈ দুজনৰ মাজত সৃষ্টি হয় তীব্ৰ তৰ্ক যুদ্ধ। 

ঘটনাই মূহুৰ্তেই লয় ভয়ংকৰ পৰিণতি। দুজনৰ মাজত সৃষ্টি হোৱা হতাহতিৰ ফলত  অচিনাক্ত যুৱক জনৰ চুৰিকা ঘাতৰ ফলত মৃত্যু হয় ধেমাজিৰ মাছখোৱাৰ দলগুৰি গাৱঁৰ কৃষ্ণ দত্তৰ।
 

Category