মণিপুৰত পুনৰ হিংসাজৰ্জৰ পৰিস্থিতি! দুই বিদ্ৰোহী সংগঠনৰ বলি ১৩ জনকৈ নিৰিহ লোক........

Manipur

হিংসাজৰ্জৰ মণিপুৰত উত্তপ্ত পৰিস্থিতি
মণিপুৰৰ টেংনৌপালত গুলীয়াগুলী
দুই বিদ্ৰোহী সংগঠনৰ মাজত এই ঘটনা
ঘটনাত নিহত প্ৰায় ১৩
আছাম ৰাইফলছৰ অভিযানত উদ্ধাৰ মৃতদেহ
মৃতদেহকেইটা PLA উগ্ৰপন্থীৰ বুলি সন্দেহ
টেং নৌপাল জিলাৰ লেইথাও গাঁৱত এই গুলীয়াগুলী

উল্লেখ্য যে, মণিপুৰ আৰক্ষীয়ে এক্সত উল্লেখ কৰা মতে ৪ ডিচেম্বৰত মণিপুৰৰ টেংলোপান জিলাৰ মাটি আৰক্ষী থানাৰ অন্তৰ্গত ছাইবলৰ সমীপৱৰ্তী লেইথাও গাঁৱত অজ্ঞাত দুৰ্বৃত্তৰ মাজত গুলীচালনাৰ ঘটনা সংঘটিত হয়।

মাজনিশা ১৩টা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জে এন আই এম এছলৈ অনা হয়। কুকি অধ্যুষিত এলেকাত সংঘটিত হয় এই ঘটনা। ইতিমধ্যে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে আৰু অব্যাহত ৰাখিছে তদন্ত।

Category
Profile picture for user UB Photos