আজি অসম দিৱস। আহোম ৰাজত্বৰ প্ৰতিষ্ঠাতা, বৰ অসমৰ খনিকৰ হিচাপে পৰিচিত চাওলুং ছ্যুকাফাৰ স্মৃতিত প্ৰত্যেক বছৰৰ দৰে এইবছৰো ২ ডিচেম্বৰৰ দিনটো অসম দিৱস বা ছ্যুকাফা দিৱস হিচাপে পালন কৰা হৈছে।
উল্লেখ্য যে, অসম দিৱস উপলক্ষে ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ৰাজ্য চৰকাৰৰ উদ্যোগত মহানগৰীত কেন্দ্ৰীয়ভাৱে উদযাপিত হ’ব অসম দিৱসৰ কাৰ্যসূচী। উল্লেখনীয় যে ১২২৮ খ্ৰীষ্টাব্দত চাওলুং ছ্যুকাফাই আহোম ৰাজত্বৰ প্ৰতিষ্ঠা কৰিছিল। বৰ্তমানে চীনৰ য়ুনান প্ৰদেশৰ ৰুইলীৰ সমীপৰ মুংমাওৰ পৰা পাটকাই পাহাৰ পাৰ হৈ ১২২৮ খ্ৰীষ্টাব্দত নামৰূপত প্ৰৱেশ কৰিছিল চাওলুং ছ্যুকাফাই।
ছ্যুকাফাৰ অসমত উপস্থিত হোৱা দিনটোতে আহোম ৰাজবংশৰ প্ৰতিষ্ঠা দিন হিচাপে গণ্য কৰা হয়। পিছত ছ্যুকাফাই সাহস আৰু বল-বীৰ্যৰে সৰু সৰু ৰাজ্যসমূহ দখল কৰি আহোম ৰাজত্বৰ সম্প্ৰসাৰণ ঘটায়। এই আহোম ৰাজবংশই ৬০০ বছৰ কাল অসমত ৰাজত্ব কৰে। এই ৰাজবংশৰ এটা তাৎপৰ্যপূৰ্ণ ঐতিহাসিক তথ্য হ’ল মহা পৰাক্ৰমী বুলি সততে অভিহিত কৰা মোগলসকলে কাহানিও আহোমৰ বিৰুদ্ধে যুদ্ধত জয়লাভ কৰিব নোৱাৰিলে।
- Log in to post comments