পুনৰ ক’ভিডসদৃশ পৰিৱেশ! কোনো অচিনাক্ত ৰোগত আক্ৰান্ত সহস্ৰাধিক চীনা..........

pneumenia

চীনত পুনৰ ক’ভিডসদৃশ পৰিৱেশ
অচিনাক্ত নিউমোনিয়া ৰোগত আক্ৰান্ত সহস্ৰাধিক
বেইজিং আৰু লিয়াওনিং প্ৰদেশত হাহাকাৰ
৫ শতাধিক কি.মি. এলেকাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি
প্ৰতিখন হাস্পতালত ভিৰ কৰিছে ৰোগীয়ে
আক্ৰান্তৰ ভিতৰত শিশুৰ সংখ্যা সৰ্বাধিক
বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন অঞ্চলত বন্ধ বিদ্যালয়
ক’ভিড মহামাৰীৰ দৰেই আক্ৰান্ত হৈছে শিশু-বৃদ্ধ
বিশ্ব স্বাস্থ্য সংস্থাৰ সতৰ্কবাণী চীনক

চীনত এই ৰহস্যময় ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱাৰ পিছতেই সতৰ্ক হৈছে সমগ্ৰ বিশ্ব। ভাৰত চৰকাৰেও ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহলৈ জাৰি কৰিছে নিৰ্দেশনা। দেশজুৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত জনস্বাস্থ্য ব্যৱস্থা পুনৰ কভিদসদৃশ পৰিৱেশৰ দৰে সক্ৰিয় কৰিবলৈ নিৰ্দেশনা কেন্দ্ৰীয় চৰকাৰৰ। হাস্পতালত বিচনা আৰু কৰ্মচাৰীৰ যাতে অভাৱ নহয়, লগতে জৰুৰীকালীন অৱস্থাত ঔষধ আৰু এণ্টিবায়’টিকছ মজুত ৰাখিবলৈ নিৰ্দেশ কেন্দ্ৰৰ। 

একে সময়তে অক্সিজেন প্লাণ্ট, পি পি ই কীট তথা প্ৰয়োজনীয় প্ৰট’কলৰ সমীক্ষা চলাবলৈ জৰুৰী নিৰ্দেশ কেন্দ্ৰৰ। ইতিমধ্যে ভিয়েটনামলৈ সম্প্ৰসাৰিত হৈছে চীনত প্ৰাদুৰ্ভাৱ হোৱা অচিনাক্ত ৰোগৰ সংক্ৰমণ। ভাৰতলৈও সম্প্ৰসাৰিত হোৱাৰ আশংকা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ। চীনে এতিয়াও এই ৰোগৰ কোনো তথ্য প্ৰকাশ নকৰাত উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা।

Category