দিক্ৰং নৈত জঁপিয়ালে এহাল প্ৰেমিক-প্ৰেমিকাই! জীৱন্তে উদ্ধাৰ প্ৰেমিকা, বৰ্তমানেও উদ্ধাৰ কৰিব পৰা নাই প্ৰেমিকক...........

lover

প্ৰেম এক স্বৰ্গীয় অনুভুতি। প্ৰেমে নামানে বয়স,প্ৰেমে নামানে জাতিকুল। প্ৰেমে কেৱল প্ৰেমক বিচাৰে। সেই প্ৰেমৰেই এক ভয়ংকৰ পৰিণিতি! লখিমপুৰৰ বান্দৰদোৱাত সংঘটিত এক চাঞ্চল্যকৰ ঘটনা।

উল্লেখ্য যে, দিক্ৰং নৈত এহাল প্ৰেমিক-প্ৰেমিকাই জাপ দিয়াক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে। প্ৰেমৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে। বান্দৰদেৱাৰ ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই ঘটনাটো সংঘটিত হয়।

জানিব পৰা মতে, স্থানীয় এজন বৃদ্ধই নদীত ওপঙি উঠা অৱস্থাত যুৱতী গৰাকীক প্ৰত্যক্ষ কৰে। তাৰ পিছতে যুৱতী গৰাকীক উদ্ধাৰ কৰি ততাতৈয়াকৈ লালুক আদৰ্শ চিকিৎসালয়লৈ লৈ যায়। যুৱতী গৰাকী লালুক থানাৰ অধীনৰ পিলখানা শান্তিপুৰৰ জান বৰুৱাৰ কন্যা বুলি জানিব পৰা গৈছে।

আনহাতে, পিলখানা শান্তিপুৰৰে জয়ৰাম বৰা'ৰ পুত্ৰ( প্ৰেমিক ) ক বৰ্তমান লৈ উদ্ধাৰ কৰিব পৰা নাই। যুৱকজনক বিচাৰি SDRFৰ উদ্ধাৰ অভিযান অব্যাহত।


 

Category
Profile picture for user UB Photos