ভাৰতেই জয় কৰিব বিশ্বকাপ! এই আত্মবিশ্বাস টীম ইণ্ডিয়াৰ পূৰ্বৰ মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ.........

Cricket

আই চি চি বিশ্বকাপ-২০২৩ৰ দেওবাৰৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ফেভাৰিট হিচাপে অৱতীৰ্ণ হ'ব ভাৰত। টীম ইণ্ডীয়াৰ পূৰ্বৰ মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে মন্তব্য কৰিছে যে, ভাৰতে বিশ্বকাপত জয়ী লাভ কৰিব, তেওঁ তাৰ বাবে আশাবাদীয়েই নহয় আত্মবিশ্বাসীও।

চলিত বিশ্বকাপৰ লীগ পৰ্যায়ৰ খেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে ৬ উইকেটত জয়লাভ কৰে। কিন্তু লীগ আৰু ফাইনেলৰ কথা সুকীয়া। পাঁচবাৰৰ বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়াৰ আই চি চি ফাইনেলৰ ৰেকৰ্ড চকুত লগা। নিশ্চিত ভাৱে ভাৰতক চাপত পেলোৱাৰ চেষ্টা কৰিব অষ্ট্ৰেলিয়াই।

আনহাতে, শাস্ত্ৰীয়ে কয় যে, তেওঁলোক মাথোঁ স্থিতপ্ৰজ্ঞ আৰু শান্ত হৈ থকাৰ প্ৰয়োজন। চাপ চম্ভালিবও লাগিব আৰু চাপ আতঁৰাবও লাগিব। এইখন এখন ফাইনেল ইয়াত উত্তেজিত হোৱা প্ৰয়োজন নাই।

এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ বিশ্বকাপত ভাৰতে চতুৰ্থবাৰলৈ ফাইনেল খেলিব। ১৯৮৩ আৰু ২০১১ বিশ্বকাপৰ চেম্পিয়ন আছিল ভাৰত। ইয়াৰ পূৰ্বে ৭বাৰ ফাইনেল খেলি ৫ বাৰ জয় লাভ কৰিছিল অষ্ট্ৰেলিয়াই। ১৯৮৭, ১৯৯৯, ২০০৩, ২০০৭ আৰু ২০১৫ ৰ বিশ্বকাপৰ চেম্পিয়ন আছিল অষ্ট্ৰেলিয়া।

Category