আন্দোলনকাৰীৰ বিৰুদ্ধে নলবাৰী আৰক্ষীৰ অভিযান, জিতেন্দ্ৰ জৈনৰ পিছত এইবাৰ SUCIৰ ২ সদস্যক .......

SUCI

আন্দোলনকাৰীৰ বিৰুদ্ধে নলবাৰী আৰক্ষীৰ অভিযান
জিতেন্দ্ৰ জৈনৰ পিছত এইবাৰ SUCIৰ ২ সদস্যক আটক
SUCI ৰ সদস্য মুনীন্দ্ৰ দলে আৰু কেনেডী পেগুক আটক
আন্দোলন কৰাৰ বাবে সোধা-পোছাৰ বাবে আটক দুয়োকে

উল্লেখ্য যে শ্বহীদ মুকুন্দ কাকতি সুৰক্ষা সমিতিৰ অন্যতম সদস্য জিতেন্দ্ৰ জৈনক আটক কৰি শুকুৰবাৰে নিশা মুকলি কৰি দিয়াৰ পিছতেই পুনৰ দুজনক আটক কৰে আৰক্ষীয়ে। নলবাৰী অসামৰিক চিকিৎসালয়ৰ পূৰ্বৰ মৰ্যাদা ঘূৰাই অনাৰ দাবীত আন্দোলন চলাই আহিছিল এওঁলোকে। কিন্তু বৃহস্পতিবাৰে নলবাৰী শ্বহীদ মুকুন্দ কাকতি চিকিৎসালয়খন উদ্বোধন কৰিয়েই  মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই  বহিৰাগতক নলবাৰী এৰি যোৱাৰ নিৰ্দেশ দিছিল৷ ইয়াৰ পিছতে ইজনৰ পিছত সিজন আন্দোলনকাৰীক আটক কৰা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে নলবাৰীত।
 

Category
Profile picture for user UB Photos