অৰুণাচল প্ৰদেশত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত মৃত্যু অসমৰ চাৰিজন লোকৰ। পাহাৰৰ পৰা প্ৰকাণ্ড শিল গাড়ীৰ ওপৰত বাগৰি পৰাৰ ফলতেই মৃত্যু হয় চাৰিজন লোকৰ। অৰুণাচল প্ৰদেশৰ ১৩নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা।
জানিব পৰা মতে, অৰুণাচল প্ৰদেশৰ এক ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণৰ বাবে গৈছিল দলটো। আৰু অনুষ্ঠান সামৰি ঘৰলৈ উভতাৰ পথতে সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। ভূমিস্খলনৰ ফলত তেওঁলোকৰ গাড়ীৰ ওপৰত বাগৰি পৰে এটা প্ৰকাণ্ড শিল। যাৰ ফলত থিতাতে মৃত্যু হয় চাৰিওজন লোকৰ।
উল্লেখ্য যে, দুৰ্ঘটনাত পতিত বাহনখনৰ নম্বৰ AS 16J 0871 বুলি জানিব পৰা গৈছে। অৰুণাচলৰ মুৰী মুগলি আৰু গেমীৰ মাজত দুৰ্ঘটনা সংঘটিত হয়।
মৃত্যু হোৱা চাৰিওজন লোকৰ ঘৰ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱত বুলি জানিব পৰা গৈছে। নিহত লোককেইজন হ’ল গাড়ীখনৰ চালক নিৰ্মল হেমৰম, খ্ৰীষ্টফাৰ হেমৰম আৰু অভিজিৎ হেমৰম। এতিয়াও উদ্ধাৰ হোৱা নাই মৃত আনজনৰ পৰিচয়।
- Log in to post comments