মহাৰাষ্ট্ৰত স্থাপিত হ’ব মা কামাখ্যাৰ বেদী.......

maha

মহাৰাষ্ট্ৰত স্থাপিত হ’ব মা কামাখ্যাৰ বেদী
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ আগভাগ
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ টুইট
অসম চৰকাৰ আৰু মহাৰাষ্ট্ৰৰ চৰকাৰে সন্মিলনতভাৱে কেতবোৰ প্ৰকল্প গ্ৰহণৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে সদৰি কৰিলে এই কথা। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই জনোৱা অনুসৰি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিন্দেয়ে মা কামাখ্যাৰ আশিস লৈ ধন্য হোবাৰ পিছতে মহাৰাষ্ট্ৰতো মা কামাখ্যাৰ বেদি প্ৰতিষ্ঠাৰ বাবে মনস্থ কৰিছে। এই অনুসৰি ব্যৱস্থা গ্ৰহণৰ বাবে অসমৰ মুখ্যমন্ত্ৰীজনক অনুৰোধ জনাইছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীজনে। তদুপৰি অসমতো মহাৰাষ্ট্ৰ সদন প্ৰতিষ্ঠাৰ যো-জা চলিছে বুলি ডঃ শৰ্মাই সদৰী কৰে।
  

Category
Profile picture for user UB Photos