কবিৰাজৰ নামত অন্ধবিশ্বাস! কবিৰাজী চিকিৎসাৰ বলি হৈ মৃত্যু এটি এমহীয়া সন্তান.......

kabi

এইবাৰ অন্ধবিশ্বাসৰ বলি দুই যমজ সন্তান। ৰূপহীহাটৰ ভকত গাঁৱত সংঘটিত হৈছে এক অমানৱীয় ঘটনা। কবিৰাজী চিকিৎসাৰ নামত জৰা-ফুকা কৰিবলৈ গৈ কেঁচুৱা দুটিক চৰম অত্যাচাৰ চলাই কবিৰাজজনে। শিশু দুটিৰ কৰুণ কান্দোনকো আওকান কৰি নিৰ্মম প্ৰহাৰ কৰি থাকিল গোলাপজান ওৰফে গোলাপী কবিৰাজে।

জানিব পৰা মতে, ৰূপহীহাটৰ ভকত গাঁৱৰ আজিজুল হক নামৰ লোকজনৰ পত্নীয়ে প্ৰায় একমাহ পূৰ্বে দুই যমজ সন্তানক জন্ম দিছিল। জন্মৰ পিছতে সন্তান দুটি কিছু অসুস্থ হোৱাত পিতৃ মাতৃয়ে মৰিগাঁওৰ দুবাগুৰি গাঁৱৰ গোলাপজান ওৰফে গোলাপী কবিৰাজৰ ওচৰলৈ লৈ গৈছিল। কবিৰাজী চিকিৎসাৰ নামত একমহীয়া সন্তানক ডিঙিৰ পিছফালে ধৰি ওলমাই গছৰ পাতেৰে কোৱাই অমানবীয় অত্যাচাৰ চলায়।

উল্লেখ্য যে, কবিৰাজী চিকিৎসাৰ নামত কৰা এই অত্যাচাৰৰ ফলত অধিক অসুস্থ হৈ পৰে শিশুদুটি। কেঁচুৱা দুটিৰ স্বাস্থ্য অধিক বেয়ালৈ গতি কৰাত নগাঁও মেডিকেল কলেজলৈ নিয়া হয় যদিও ICUত এটি কেঁচুৱাৰ মৃত্যু ঘটে।  এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰূপহীহাট অঞ্চলত।

আনহাতে, জানিব পৰা মতে, ভণ্ড কবিৰাজৰ কবিৰাজীত পূৰ্বতেও শিশুৰ মৃত্যু হৈছিল। যাৰ পৰিপ্ৰেক্ষিতত কাৰাবাস খাটি আহিছিল গোলাপী কবিৰাজে। 

Category
Profile picture for user UB Photos