দীপাৱলীৰ পিছতে দিল্লীত বায়ু প্ৰদূষণৰ ভয়ংকৰ ৰূপ! উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰাৰ ভয়াৱহ পৰিণতি.....

DELHI

দীপাৱলীৰ পিছতে দিল্লীত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে বায়ু প্ৰদূষণে। দেশৰ উচ্চতম ন্যায়ালয়ে ফটকা নিষিদ্ধ কৰাৰ পিছতো দিল্লীত দীপাৱলী উপলক্ষে অত্যাধিক হাৰত ফটকা, আতচবাজী ফুটোৱাৰ, ফলত চহৰখনে পুনৰ ভয়ংকৰ বায়ু প্ৰদূষণৰ কৱলত পৰিছে।

প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ তথ্য অনুসৰি, দিল্লীৰ বহু ঠাইত ৮০০ অতিক্ৰম কৰিছে AQI মাত্ৰা। আনহাতে, প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ তথ্য মতে, আনন্দ বিহাৰত AQI ৩১২, পুছাত ৩০২, আইটিঅ’ত ২৮২, জৱাহৰলাল নেহৰু ষ্টেডিয়ামত ২৫৬ AQI ৰ মাত্ৰা।

তাৰ মাজতে ফটকা-আতচবাজীৰ ধোঁৱাই আৱৰিছে দিল্লীৰ আকাশ। দীপাৱলীৰ নিশাৰ পিছতেই ধোঁৱাৰ ডাঠ তৰপে সৃষ্টি কৰিছে প্ৰদূষণৰ। যাৰ ফলত এতিয়া শিশু, বৃদ্ধকে ধৰি অধিকাংশ লোকৰে উশাহ নিশাহ লোৱাত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। বায়ু প্ৰদূষণৰ পিছতে চিকিৎসালয়তো ৰোগীৰ সংখ্যা বাঢ়িছে।

শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ লগতে দিল্লী চৰকাৰে বায়ু প্ৰদূষণৰ প্ৰতি লক্ষ ৰাখি দিল্লীত ফটকা ফুটোৱাত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছিল। কিন্তু এই নিৰ্দেশনাক আওকান কৰি ফটকা ফুটোৱাৰ ফলতেই বায়ু প্ৰদূষণৰ মাত্ৰা এতিয়া বিপদজ্জনক স্থিতিলৈ গতি কৰিছে। 
 

Category
Profile picture for user UB Photos