এক হৃদয় বিদাৰক ঘটনা! পুত্ৰৰ শোক সহিব নোৱাৰি প্ৰাণ ত্যাগ মাতৃৰ.........

Golaghat

গোলাঘাট জিলাৰ খুমটাইত সংঘটিত হৈছে এক শোকাবহ ঘটনা ৷ পথ দুৰ্ঘটনাত পুত্ৰৰ মৃত্যুৰ খবৰ পাই মৃত্যু ঘটিল মাতৃৰো ৷ বৃহস্পতিবাৰে নিশা খুমটাইৰ কচুপথাৰৰ ধোদৰআলিত সংঘটিত পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছিল ঠেঙালগাঁৱৰ যুৱক ৰাহুল ঠেঙাল নামৰ যুৱক জন ৷ মৃত্যুৰ সময়ত যুৱক জনৰ বয়স আছিল ৩৩ বছৰ।

উল্লেখ্য যে, পুত্ৰৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতেই শুকুৰবাৰে পুৱাই ইহসংসাৰ ত্যাগ কৰে মাতৃ জানকী ঠেঙালে । পুত্ৰৰ অকস্মাৎ মৃত্যুৰ খবৰ সহ্য কৰিব নোৱাৰি মাতৃৰ মৃত্যু হোৱা শোকাবহ ঘটনাটোৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে ।

Category
Profile picture for user UB Photos