জীৱনত কিবা এটা কৰি দেখুওৱাৰ হেপাঁহ থাকিলে অসাধ্য কামো সাধ্য কৰিব পাৰি, কেৱল তাৰ বাবে ইচ্ছা শক্তি আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন। তাকেই প্ৰমাণ কৰি দেখুৱালে এজন যুৱকে।
দেউতাকে পদপথত বিক্ৰি কৰিছিল কণী। কণী বিক্ৰী কৰি দৈনিক উপাৰ্জন কৰিছিল মাত্ৰ ১০০ টকা। সেই টকাৰে পৰিয়ালটো পোহপাল দিবলগীয়া হৈছিল তেওঁ। এই অভাৱ অনাতনৰ মাজতেই পুত্ৰৰ সপোন পূৰণৰ বাবে দিনে-নিশাই সংগ্ৰাম কৰি গৈছিল পিতৃয়ে। আজি সেইগৰাকী পিতৃৰ সংগ্ৰাম আৰু কষ্ট যেন সাৰ্থক হৈছে।
উল্লেখ্য যে, পুত্ৰ আৰবাজ আলমে IIT ৰ JEE সফলতাৰে উত্তীর্ণ হৈ এজন অভিযন্তাৰ শিক্ষাৰ বাবে নিৰ্বাচিত হৈছে। কিন্তু এই সফলতাৰ আঁৰত আছে আৰু এটা কাহিনী। প্ৰায় সকলোৱে‘SUPER 30’ ছবিখন চাইছে। এই ছবিখন এজন শিক্ষকৰ জীৱনৰ আধাৰৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছিল। যিগৰাকী শিক্ষকে দুখীয়া মেধাৱী ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ শিক্ষাদান কৰিছিল তেওঁৰ কোচিং ছেণ্টাৰত। সেই শিক্ষক গৰাকীৰ নাম আছিল আনন্দ কুমাৰ।
জানিব পৰা মতে, আনন্দ কুমাৰে লগ পাইছিল দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ আৰবাজ আলমক। আৰবাজৰ যে মেধাসম্পন্ন আছিল তাৰ অনুমান পাইছিল শিক্ষক আনন্দ কুমাৰে। সেয়ে তেওঁৰ কোচিং ছেণ্টাৰত পঢ়ুৱাইছিল আৰবাজক। কেবল পঢ়ুৱাই নহয় থকা আৰু খোৱাৰ ব্যৱস্থাও কৰি দিছিল শিক্ষক আনন্দ কুমাৰে। আনন্দ কুমাৰে সলনি কৰি দি’লে বিহাৰৰ শ্বৰিফ জিলাত বসবাস কৰা আৰবাজৰ পৰিয়ালৰ জীৱন।
- Log in to post comments