এক আচৰিত ঘটনা! এইবাৰ থানাৰ আলহী হ'ল নিগনি; নিগনি গেঙৰ বাকী সদস্যৰ সন্ধানত অভিযান অব্যাহত.....

mouse

সুৰাপান কৰাৰ বাবে বিভিন্ন সময়ত বহু মানুহ ৰঙা ঘৰৰ আলহী হৈ অহা কথা নিশ্চয়কৈ শুনিছে। কিন্তু আপুনি বিশ্বাস কৰিবলৈ টান এই ঘটনা। এইবাৰ সুৰাপান কৰাৰ অপৰাধত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এটা নিগনিক। দৰাচলতে এটা নিগনিৰ গেঙৰ বিৰুদ্ধে আৰক্ষীয়ে এক গুৰুতৰ অভিযোগ আনিছে। 

উল্লেখ্য যে, আৰক্ষীয়ে এজন লোকৰ পৰা জব্দ কৰা ৬০ বটল অবৈধ সুৰা নিগনিয়ে থানাৰ ভিতৰতে পান কৰি পেলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। মধ্যপ্ৰদেশৰ চিন্দৱাড়াৰ কোটৱালি আৰক্ষী থানাত এই অদ্ভূত ঘটনা সংঘটিত হৈছে।

জানিব পৰা মতে, আৰক্ষীয়ে জব্দ কৰা ৬০টা সুৰাৰ বটল যথাস্থানত নাছিল। কিন্তু আৰক্ষীয়ে এই গোচৰৰ প্ৰমাণৰূপে সুৰাৰ বটলসমূহ আদালতত প্ৰদৰ্শন কৰাতো বাধ্যতামূলক আছিল। তেতিয়াই কোটৱালি আৰক্ষীয়ে সমগ্ৰ দোষ নিগনিৰ ওপৰত জাপি দিলে। থানাখনত উপদ্ৰৱ চলাই অহা এটা নিগনিৰ গেঙে ৬০ বটল সুৰাপান কৰি তথ্য প্ৰমাণ নষ্ট কৰা বুলি আৰক্ষীয়ে আদালতক জনালে।

আনহাতে, চিন্দৱাড়াত নিগনিৰ উপদ্ৰৱৰ বিষয়ে সৰ্বজনবিদিত। অঞ্চলটোৰ চৰকাৰী কাৰ্যালয়সমূহ , চৰকাৰী চিকিৎসালয়কে ধৰি বহু প্ৰতিষ্ঠানত নিগনিৰ উপদ্ৰৱে সন্ত্ৰাস চলাই আহিছে। নিগনিয়ে কাৰ্যালয়ৰ নথিপত্ৰ, সামগ্ৰী কুটি বিস্তৰ ক্ষতিসাধন কৰি আহিছে। নিগনিৰ উপদ্ৰৱ কমাবৰ বাবে বিভিন্ন পন্থা গ্ৰহণ কৰা হৈছে যদিও সুফল লাভ কৰা নাই। 

সেয়ে কোটৱালি থানাৰ আৰক্ষীয়েও জব্দকৃত ৬০বটল সুৰাপান কৰাৰ অভিযোগ ‘কুখ্যাত’ নিগনি গেঙৰ ওপৰত জাপি দিলে। কেৱল এয়াই নহয় আৰক্ষীয়ে এটা অভিযুক্ত নিগনিক ফান্দ পাতি ধৰি লকআপটো ৰাখিলে। লগতে আৰক্ষীয়ে এই গেঙৰ বাকী নিগনিবোৰক কৰায়ত্ত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। 

নিগনিয়ে ইমানখিনি সুৰা কেনেদৰে সেৱন কৰিলে তাক লৈ প্ৰশ্ন তথা ৰহস্যৰ সৃষ্টি হৈছে। অৱশ্যে আদালতত অবৈধ সুৰা জব্দৰ গোচৰটো অমীমাংসিত হৈ আছে। মধ্যপ্ৰদেশৰ চিন্দৱাড়াত সংঘটিত এই ঘটনাই সৰ্বত্ৰে ব্যাপক চৰ্চা লাভ কৰিছে।


 

Category
Profile picture for user UB Photos