IED বিস্ফোৰণ! ছত্তীশগড় বিধানসভা নিৰ্বাচনত IED বিস্ফোৰণত আহত এজন জোৱান.....

IED Blast

ছত্তীশগড় বিধানসভা নিৰ্বাচন ২০২৩ৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে সংঘটিত বোমা বিস্ফোৰণ কাণ্ড। কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজতে নক্সাল প্ৰভাৱিত সুকমাত IED বিস্ফোৰণ হয়। জানিব পৰা মতে, এই ঘটনাত নিৰাপত্তাৰ দায়িত্বত থকা এজন অৰ্ধসামৰিক বাহিনীৰ জোৱান আহত হয়। 

উল্লেখ্য যে, মাওবাদীৰ উপস্থিতিৰ বাবে কুখ্যাত অঞ্চল টণ্ডামাৰ্কাৰ ঘন বনাঞ্চলৰ সমীপত এই ঘটনা সংঘটিত হৈছে। এক প্ৰতিবেদন অনুসৰি, কোব্ৰা ২০৬ নং বেটেলিয়নৰ সদস্যই ভুলবশতঃ মাওবাদীয়ে ৰোপণ কৰা IEDত ভৰি দিয়ে, যাৰ ফলত বিস্ফোৰণ ঘটি তেওঁ আঘাতপ্ৰাপ্ত হয়।

IED

আনহাতে,দুদিনৰ ভিতৰত ছত্তীশগড় সংঘটিত হোৱা এইটো দ্বিতীয়টো বিস্ফোৰণৰ ঘটনা। সোমবাৰে সংঘটিত হৈছিল আই ই ডি বিস্ফোৰণৰ দৰে ঘটনা। এই বিস্ফোৰণত আহত হৈছিল এজন বি এছ এফ জোৱান আৰু দুজন নিৰ্বাচনী বিষয়া। ভোটগ্ৰহণ কেন্দ্ৰলৈ যোৱাৰ সময়তে সংঘটিত হৈছিল এই ঘটনা। সন্দেহ কৰা অনুসৰি এই বিস্ফোৰণৰ সৈতে জড়িত আছে মাওবাদী। 

উল্লেখযোগ্য যে, এই নিৰ্বাচন বৰ্জনৰ আহ্বান কৰিছে মাওবাদীয়ে। ৰাজ্যখনত ইয়াৰ পূৰ্বেও বিভিন্ন নিৰ্বাচনত মাওবাদীয়ে সন্ত্ৰাসমূলক কাৰ্য কৰি আহিছে।


 

Category
Profile picture for user UB Photos