আজি মিজোৰাম-ছত্তীশগড়ত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ.........

mizo

আজি মিজোৰাম আৰু ছত্তীশগড়ত আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ইতিমধ্যেই মিজোৰামৰ ৪০টা সমষ্টিত ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ১৭৪জন প্ৰাৰ্থীৰ ভাগ্য বন্দী হ'ব ই ভি এমত। মিজোৰামত পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ আৰু আবেলি ৪ বজাত অন্ত পৰিব মিজোৰামৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া।

আনহাতে, ছত্তীশগড়তো আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ছত্তীশগড়ৰ ২০খন আসনৰ বাবে ভোট। ছত্তীশগড়ত দুটা সময়সূচী অনুসৰি ভোটগ্ৰহণ। নিৰ্বাচনকেন্দ্ৰিক বিক্ষিপ্ত ঘটনাৰ বাবে এই সিদ্ধান্ত। ১০খন আসনত পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ ভোটগ্ৰহণ। অন্য ১০খন আসনত পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ ভোট।

উল্লেখ্য যে, মিজোৰামত ৮.৫৭লাখ ভোটাৰে নিৰ্ণয় কৰিব ১৭৪জন প্ৰাৰ্থীৰ ভাগ্য। আজি মিজোৰামত ভাগ্য নিৰ্ণয় হ’ব মুখ্যমন্ত্ৰী তথা MNF মুৰব্বী জোৰাম থাংগাৰ। তেওঁ পূব আইজল সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। জোৰাম থাংগাৰ প্ৰতিদ্বন্দ্বী হ’ল কংগ্ৰেছ দলৰ লালছাংলুৰা ৰাটে আৰু জেড পি এমৰ লালথান ছাংগা।  জেড পি এম প্ৰতিষ্ঠাপক লালদুহুমাই প্ৰতিদ্বন্দ্বিতা কৰিছে শ্বেৰছিপ সমষ্টিৰ পৰা। ইফালে, ৰাজ্যখনৰ কংগ্ৰেছ মুৰব্বী লালছোৱাটাই প্ৰতিদ্বন্দ্বিতা কৰিছে পশ্চিম আইজল সমষ্টিৰ পৰা। ৰাজ্যিক বিজেপিৰ সভাপতি ৱানলামোৱাকা প্ৰতিদ্বন্দ্বী হৈছে ডাম্পা সমষ্টিৰ পৰা। 

ইফালে, ছত্তীশগড়ত আজি মূলতঃ নক্সাল অধ্যুষিত বাষ্টাৰ অঞ্চলত ভোটগ্ৰহণ হ’ব। আজি ভাগ্য নিৰ্ণয় হ’বলগীয়া আগশাৰীৰ প্ৰাৰ্থীসকলৰ ভিতৰত আছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ দীপক বেইজ। তেওঁ চিত্ৰকূট সমষ্টিৰ পৰা নিৰ্বাচন খেলিছে। ৰঞ্জনগাঁও সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আন এজন গুৰুত্বপূৰ্ণ প্ৰাৰ্থী প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপিৰ নেতা ৰমন সিঙে।
 

Category
Profile picture for user UB Photos