বিশিষ্ট শিক্ষাবিদ, সংগীতজ্ঞ লোকপ্ৰিয় কণ্ঠশিল্পী ড০ বীৰেন্দ্ৰ নাথ দত্তৰ দেহাৱসান......

Birendra

নৱৰাত্ৰিৰ নৱমী দিনাই ৰাজ্যবাসীৰ বাবে এক দুখবৰ। বিশিষ্ট শিক্ষাবিদ, সংগীতজ্ঞ লোকপ্ৰিয় কণ্ঠশিল্পী ড০ বীৰেন্দ্ৰ নাথ দত্তৰ ৯০ বছৰ বয়সত সোমবাৰে পুৱা ৭ বজাত ইহলীলা সম্বৰণ। দীৰ্ঘদিন ধৰি দিশপুৰ পলিক্লিনিক হাস্পতালত চিকিৎসাধীন হৈ আছিল লোক সংগীত, সাহিত্য আৰু সাধনাৰে অসমীয়া জাতীয় জীৱনক সমৃদ্ধ কৰা ড০ বীৰেন্দ্ৰ নাথ দত্ত।

ইতিমধ্যে, তেওঁৰ নশ্বৰ দেহ তেওঁৰ বাসগৃহ 'কল্প-লোক'লৈ নিয়া হৈছে। বিয়লি ৪ বজালৈ 'কল্প-লোক'তে ৰখা হ'ব তেওঁৰ নশ্বৰ দেহ। তাৰ পিছত নৱগ্ৰহ শ্মশানত তেওঁৰ শেষকৃত সম্পন্ন কৰা হ'ব। 

উল্লেখযোগ্য যে, 'কল্প-লোক'ত ভিৰ কৰিছে তেওঁৰ অগনন গুণমুগ্ধয়। বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকলে আহি শেষ শ্ৰদ্ধাঞ্জলি জনাইছে গণশিল্পীগৰাকীক। 

Category