পুনৰ এবাৰ ইতিহাস ৰচিবলৈ সক্ষম হ'ল ভাৰত! ISRO–এ সফলভাৱে উৎক্ষেপণ কৰিলে গগনযানৰ পৰীক্ষা........

GAGAN

সফল হ’ল ISRO ৰ মিছন গগণযানৰ পৰীক্ষা। পুৱাৰে পৰা কাৰিকৰী বিজুতিৰ বাবে স্থগিত আছিল উৎক্ষেপণ। অৱশেষত পুৱা ১০ বজাত সফলভাৱে উৎক্ষেপণ কৰিলে গগণযানৰ।

GAGAN

TV D1 পৰীক্ষামূলক উৎক্ষেপণ সফলতাৰে সম্পন্ন । ক্ৰু এছকেপ ছিষ্টেমে ভৱামতেই কাম কৰিলে। এই তথ্য ISRO য়ে X ৰ দ্বাৰা বিশ্ববাসীলৈ প্ৰেৰণ কৰছে। মিছন গগণযানৰ আৰম্ভণি সফল বুলি উল্লেখ ইছৰোৰ।

GAGAN

উল্লেখ্য যে, শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা সফলভাৱে উৎক্ষেপণ কৰা হ’ল গগনযানৰ টেষ্ট ফ্লাইট। কাৰিকৰী বিজুতি সংশোধন কৰি ISRO-এ সফলভাৱে সম্পন্ন কৰে পৰীক্ষামূলক গগনযানৰ উৰণ। উল্লেখযোগ্য যে, প্ৰথমে ৮ বজাত সময় নিৰ্ধাৰণ কৰা হৈছিল। প্ৰতিকূল বতৰৰ বাবে সেই সময় পিছুৱাই দিয়া হৈছিল। তাৰ পিছত ৮.৩০ বজাত উৎক্ষেপণৰ সময় নিৰ্ধাৰণ কৰে ইছৰ’ৱে। কিন্তু উৎক্ষেপণৰ ঠিক ৫ ছেকেণ্ড পূৰ্বে কাৰিকৰী বিজুতিৰ বাবে স্থগিত ৰাখিবলগীয়া হয় উৰণ।

GAGAN

তাৰ কিছু সময় পিছতে ISRO–এ টুইট কৰি ১০ বজাত উৎক্ষেপণৰ সময় ঘোষণা কৰে। আৰু নিৰ্ধাৰিত সময়মতেই ইছৰ’ৱে সফলভাৱে সম্পন্ন কৰে গগনযানৰ পৰীক্ষামূলক উৎক্ষেপণ।

Category
Profile picture for user UB Photos