প্ৰায় ৪০০ বছৰৰ পাছত নৱৰাত্ৰিৰ প্ৰতিটো দিনেই শুভ আৰু উন্নতি যোগ; ইয়াৰ ফলত কাৰ কিমান লাভ হ'ব সেই বিষয়ে জানো আহক......

durga

এইবাৰ দুৰ্গা পূজাত একাধিক শুভ আৰু বিশেষ যোগ পৰিছে। জ্যোতিষ গণনা অনুসৰি, ৪০০ বছৰ পিছত নৱৰাত্ৰিত একেলগে ৯টা বিৰল যোগৰ সংযোগ। যিয়ে দুৰ্গা পূজাক আৰু অধিক গুৰুত্বপূৰ্ণ কৰি তুলিছে। 

এই শুভ যোগৰ ফলত একাধিক ৰাশিৰ জাতকৰ উন্নতি হ'ব। এই শুভ ক্ষণত কি কি যোগ আছে? জানো আহক.....

যোৱা ১৫ অক্টোবৰ দেওবাৰৰ পৰা দেৱী পক্ষৰ প্ৰথম দিন আৰম্ভ হৈছে। পদ্মযোগ আৰু বুধাদিত্য যোগ সেইদিনাৰ পৰাই আৰম্ভ হৈছে। ইয়াৰ লগতে মিলিছে চিত্ৰা নক্ষত্ৰ। বজাৰ কৰাৰ বাবে এইখিনি শুভ সময়।

নৱৰাত্ৰি তিথিৰ দ্বিতীয় দিন ১৬ অক্টোবৰ সোমবাৰে ছত্ৰ যোগ গঠন হয়। স্বাতী নক্ষত্ৰ আৰু ভাদ্ৰ তিথি। এই তিথিটো নতুন মোবাইল বা লেপটপ কিনাৰ বাবে আটাইতকৈ শুভ দিন। আজি ইলেক্ট্ৰনিক সামগ্ৰী ক্ৰয়ৰ বাবে অতি অনুকূল।

নৱৰাত্ৰি তিথিৰ তৃতীয় দিন ১৭ অক্টোবৰ মংগলবাৰে প্ৰীতি, আয়ুষ্মান আৰু বাস্তৱ যোগ তৈয়াৰ হৈছে।

নৱৰাত্ৰী চতুৰ্থী ১৮ অক্টোবৰ বুধবাৰ। সৰ্বাৰ্থ সিদ্ধি যোগ আৰু অমৃত সিদ্ধি যোগ গঠন হয়। নতুন বাহন কিনাৰ বাবে শুভ দিন।

১৯ অক্টোবৰ বৃহস্পতিবাৰ দেৱী পক্ষৰ পঞ্চমী তিথি। সেইদিনা গঠন হ’ব জয়ন্ত নক্ষত্ৰ আৰু পূৰ্ণ তিথি। নতুন সম্পত্তি ক্ৰয় কৰিব পাৰিব। নিয়োগকৰ্তাই ভাল সুবিধা লাভ কৰিব।

২০ অক্টোবৰ শুকুৰবাৰে মহাষষ্ঠী উদযাপন কৰা হ'ব। সেইদিনা ৰবি যোগ ঘটিব। সেইদিনা নতুন সম্পত্তি আৰু সঁজুলি ক্ৰয়ৰ বাবে অতি উপযোগী।

২১ অক্টোবৰ, শনিবাৰে দুৰ্গা পূজা মহাসপ্তমী। সেইদিনা ত্ৰিপুষ্কৰ যোগ গঠন হ'ব। সেইদিনা নতুন বিনিয়োগে ভাল লাভ কঢ়িয়াই আনিব।

২২ অক্টোবৰ দেওবাৰে মহাষ্টমী উদযাপন কৰা হয'ব। সেইদিনা সৰ্বাৰ্থ সিদ্ধিযোগ আৰু ৰবিযোগ গঠন হ'ব। যিকোনো নিৰ্মাণ কাম আৰম্ভ কৰিবলৈ ভাল দিন।

২৩ অক্টোবৰ সোমবাৰে নৱৰাত্ৰি আৰু দুৰ্গা পূজাৰ অন্তিম দিনটো পালন কৰা হ'ব। আজিৰ দিনটোতে সৰ্বাৰ্থ সিদ্ধি যোগ আৰু ৰবি যোগ গঠন হয়। সেইদিনা যিকোনো সামগ্ৰী ক্ৰয় কৰিবলৈ শুভ দিন।

Category
Profile picture for user UB Photos