ৰবি যোগ আৰু বিশাখা নক্ষত্ৰৰ বাবেই নৱৰাত্ৰিৰ তৃতীয় দিনাৰ পিছৰ পৰা ৫ ৰাশিৰ জীৱনত পৰিব ডাঙৰ প্ৰভাৱ, সেই বিষয়ে জানো আহক.....

durga

১৭ অক্টোবৰ, ২০২৩ ত তুলা ৰাশিৰ পিছত চন্দ্ৰই প্ৰৱেশ কৰিব বৃশ্চিক ৰাশিত। মংগল পূৰ্বৰ পৰাই তুলা ৰাশিত বিৰাজ কৰিছে। চন্দ্ৰ আৰু মংগলৰ মিলনত লক্ষ্মী ৰাজযোগ সৃষ্টি হ’ব। সূৰ্য, বুধ কন্যা ৰাশিত অৱস্থান কৰিব। ইয়াৰ ফলত বুধাদিত্য ৰাজযোগ সৃষ্টি হ’ব। লগতে ৰবি যোগ, প্ৰতি যোগ, আয়ুষ্মান যোগ আৰু একেলগে বিশাখা নক্ষত্ৰৰ যোগে নৱৰাত্ৰিৰ তৃতীয় দিনত সংযোগ সৃষ্টি হৈছে।

এই সংযোগৰ ফলত ধন–সম্পত্তি আৰু মান–সন্মান বৃদ্ধি পাব। ইয়াৰ ফলত ৫ ৰাশিৰ জাতক–জাতিকাৰ জীৱনত বিৰাট প্ৰভাৱ পৰিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে এক উন্নতিৰ পৰিৱেশ সৃষ্টি হ’ব। বুদ্ধিমত্তা আৰু বিচক্ষণতা বৃদ্ধি পাব জীৱনত।

সেই ৫ ৰাশি কি কি সেই বিষয়ে জানো আহক?

বৃষ ৰাশি -


বৃষ ৰাশিৰ জাতক–জাতিকাসকলৰ বাবে অত্যন্ত ডাঙৰ খবৰ আহিব। ফল অত্যন্ত শুভ হ’ব। শত্ৰুক পৰাজিত কৰিবলৈ সক্ষম হ’ব। ধৰ্মীয় বিভিন্ন কামত পূৰ্বতকৈ আগ্ৰহ বাঢ়িব। অবিবাহিতসকলৰ বাবে অত্যন্ত ভাল খবৰ আহিব। যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত অংশগ্ৰহণ কৰাৰ বাবে প্ৰস্তুতি চলাইছে, এইবাৰ তেওঁলোকে ভাল খবৰ লাভ কৰিব।

কৰ্কট ৰাশি - 


কৰ্কট ৰাশিৰ জাতক–জাতিকাসকলৰ বাবে বিশেষ ভাল খবৰ। দেৱী দুৰ্গাৰ সহায় লাভ কৰিব, ভাগ্যয়ো সহায় কৰিব। কঠোৰ পৰিশ্ৰম কৰিলে অত্যন্ত ভাল ফল পাব পাৰে। একাগ্ৰতা আৰু বুদ্ধিৰ বিকাশ ঘটিব। পিতৃ, মাতৃ আৰু সন্তানৰ সম্পৰ্ক আৰু দৃঢ় হ’ব। নৱৰাত্ৰিৰ পৰাই জীৱনত ডাঙৰ সাফল্য আহিব। নানা ধৰণৰ কাম পাব জাতক–জাতিকাসকলে। ঘৰৰ পৰিৱেশ ভাল, ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব জাতক–জাতিকাসকলে।

কন্যা ৰাশি - 


কন্যা ৰাশিৰ জাতক–জাতিকাসকলৰ বাবে অত্যন্ত ডাঙৰ খবৰ আঙিব। কিয়নো ১৭ অক্টোবৰত পৰিৱেশ–পৰিস্থিতি অনুকূল হ’ব। কন্যা ৰাশিৰ জাতক–জাতিকাসকলে মান–সন্মান লাভ কৰিব। জীৱনত প্ৰেম বাঢ়িব। পৰিয়ালৰ সৈতে অত্যন্ত ভাল সময় পাৰ কৰিব। প্ৰেমৰ সম্পৰ্ক অত্যন্ত মজবুত হ’ব। নতুন বিবাহিতসকলৰ সংসাৰত নতুন অতিথিৰ আগমন হ’ব। প্ৰেমৰ সম্পৰ্ক অত্যন্ত ভাল হ’ব।  ধৰ্মীয় কামত পূৰ্বতকৈ আগ্ৰহ বাঢ়িব। ভাতৃ–ভগ্নীৰ পৰা সমৰ্থন পাব। বিদ্যাৰ্থীসকলৰ পঢ়াত মন বহিব। অভিভাৱকসকল সুখী হ’ব সহজতে।

মকৰ ৰাশি - 


মকৰ ৰাশিৰ জাতক–জাতিকাসকলে অত্যন্ত ভাল খবৰ পাব পাৰে। সাহস আৰু আত্মবিশ্বাসেৰে উজলি উঠিব জাতক–জাতিকাসকল। চৰকাৰী কৰ্মকৰ্তাসকলৰ ৰৈ থকা কাম সম্পন্ন হ’ব। সমাজত সন্মান বাঢ়িব, লেখা–পঢ়াৰ বাবে ভাল সময় আহিব। সংগীৰ সৈতে সম্পৰ্ক দৃঢ় হ’ব। সকলো কামত পূৰ্বতকৈ অধিক সফলতা আহিব। নতুন নতুন ক্ষেত্ৰত জ্ঞান আহৰণ কৰিব জাতক–জাতিকাসকলে।

মীন ৰাশি -


মীন ৰাশিৰ লোকসকলে অত্যন্ত ভাল সময়ৰ মাজেৰে দিন পাৰ কৰিব। সিদ্ধান্ত লোৱাৰ ক্ষমতা লাভ কৰিব। পিতৃ–মাতৃৰ প্ৰশংসা লাভ কৰিব, কৰ্মজীৱনত সফলতা লাভ কৰিব। নৱৰাত্ৰিত ধৰ্ম বা তীৰ্থযাত্ৰাত বিশেষ সহায় লাভ কৰিব। পিতৃৰ পৰামৰ্শত উন্নতি হ’ব। চৰকাৰী কৰ্মচাৰীসকলৰ বিশেষ লাভ হ’ব। চৰকাৰী কাম কৰাসকলে সুখৰ মুখ দেখিব। 


 

Category
Profile picture for user UB Photos