প্ৰসংগঃ জোনমণি ৰাভাৰ মৃত্যু! SP লীনা দলেক তলব CBI.....

CBI

বৰ্তমানো চিবিআয়ে অব্যাহত ৰাখিছে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত। শনিবাৰে ঘটনাৰ তদন্তৰ বাবে এছপি লীনা দলেক তলব কৰিছে তদন্তকাৰী দলটোৱে। লীনা দলেক নগাঁৱলৈ তলব কৰে চিবিআয়ে। 

উল্লেখ্য যে, প্ৰথমে দলে উপস্থিত হয় নগাঁও পুলিচ ৰিজাৰ্ভৰ আলহীগৃহত ৷ তাৰ পিছত উপস্থিত হয় নগাঁও আৰ্ৱত্ত ভৱনত ৷ ইপিনে আন কেইবাগৰাকীও উচ্চ পদস্থ বিষয়াক চিবিআয়ে জেৰা কৰাৰ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বেও ঘটনাৰ সন্দৰ্ভত আন কেইবাজনো বিষয়াক তলব কৰিছিল দলটোৱে।

শুকুৰবাৰৰ দিনটোত আৰক্ষী বিষয়া ৰুণা নেওগক জেৰা কৰিছিল চিবিআয়ে। আনহাতে জোনমণি ৰাভাৰ ৰসহ্যজনিত মৃত্যুৰ তদন্ত কৰা দলটোৱে সুদীৰ্ঘ ১৪২ দিনত অন্তত ৪ অক্টোবৰৰ দিনটোত দুৰ্ঘটনাগ্ৰস্ত বাহনৰ পৰা উদ্ধাৰ কৰিছিল দুটাকৈ মোবাইল।

Category
Profile picture for user UB Photos