মৃত্যু বিভীষিকা; চৰকাৰী চিকিৎসালয়ত পৰ্যাপ্ত ঔষধ আৰু চিকিৎসকৰ অভাৱত, ২৪ ঘণ্টাত ২৪ জনৰ মৃত্যু.......

hospital

এখন চৰকাৰী চিকিৎসালয়; য'ত নাই পৰ্যাপ্ত ঔষধ, চিকিৎসক আৰু চিকিৎসাকৰ্মী। এই চৰকাৰী হাস্পতালত বিগত ২৪ ঘন্টাত ২৪ জন লোকৰ মৃত্যু হৈছে। এই মৃত্যু হোৱাসকলৰ ভিতৰত আছে ১২টাকৈ নৱজাতক। ইতিমধ্যেই অতি সংকটজনক অৱস্থাত চিকিৎসালয়খনত চিকিৎসাধীন হৈ আছে প্ৰায় ৭০ জন লোক। এই ঘটনা মহাৰাষ্ট্ৰৰ ডঃ শংকৰৰাও চৱন চৰকাৰী চিকিৎসালয়ত সংঘটিত হৈছে।

hospital

উল্লেখ্য যে, এইখন এখন ৬০০ বিচনাযুক্ত চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাল। এয়া মাত্ৰ এদিনৰ কথা নহয়, প্ৰায় প্ৰতিদিনে চিকিৎসালয়খনত গড়ে ১০ জনকৈ লোকে মৃত্যু ঘটে। কিন্তু শেহতীয়াকৈ ২৪ ঘণ্টাৰ ভিতৰতে ২৪ জন লোকৰ মৃত্যু হোৱা ঘটনাই চৰকাৰী চিকিৎসালয়খনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

আনহাতে, চৰকাৰী হাস্পতালৰ এনে অপ্ৰত্যাশিত ঘটনাৰ আঁৰত ঔষধৰ নাটনি, চিকিৎসক, চিকিৎসাকৰ্মীৰ নাটনি বুলি জানিব পৰা গৈছে। চৰকাৰী বিভিন্ন নিয়মৰ মেৰপেচত চিকিৎসালয়খনলৈ ঔষধৰ যোগান বন্ধ হৈ আছে। ঘটনাটো মহাৰাষ্ট্ৰৰ নান্দেড় জিলাৰ। নান্দেড় জিলাৰ বিষ্ণুপুৰী অঞ্চলত ডঃ শংকৰৰাও চৱন চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাল।

hospital


জানিব পৰা মতে, বৰ্তমান চিকিৎসালয়খনত চিকিৎসাধীন হৈ আছে প্ৰায় ৮০০ লোক। ইয়াৰ বিপৰীতে চিকিৎসালয় খনত পৰ্যাপ্ত ঔষধ নথকাৰ লগতে চিকিৎসক, নাৰ্চৰ সংখ্যাও কম। শেহতীয়াকৈ চিকিৎসালয়খনৰ পৰা বহু কেইগৰাকী নাৰ্ছৰ বদলি কৰা হ’ল যদিও সেই স্থানত নতুন নাৰ্ছৰ নিযুক্তি নহ’ল। 

একেসময়তে চিকিৎসালয়খনলৈ ঔষধ যোগান ধৰা মুম্বাইৰ হফকিন ইনষ্টিটিউট নামৰ প্ৰতিষ্ঠানটোৱে সময়মতে ঔষধ যোগান নধৰাৰ অভিযোগ উঠিছে। চৰকাৰী নীতি নিয়মৰ সাল সলনিৰ বাবেই ঔষধ যোগানত পলম হৈছে বুলি চিকিৎসালয় কৰ্তৃপক্ষই প্ৰকাশ কৰিছে।
 

Category
Profile picture for user UB Photos