এতিয়াৰ পৰা বেংকত টকা ৰাখোতে সাৱধান হওঁক! কিয়নো কন্যাৰ বিয়াৰ বাবে মাতৃয়ে ৰখা ১৮ লাখকৈ টকা নষ্ট কৰিলে উঁই পোকে......

bank

সাধাৰণতে বেংকৰ লকাৰত সোণৰ আ-অলংকাৰ ৰখাৰ কথা নিশ্চয় শুনিছে! কিন্তু লকাৰত কেতিয়াবা নগদ ধন ৰখাৰ কথা শুনিছে নে বাৰু? উত্তৰ প্ৰদেশত এগৰাকী মহিলাই জীয়েকৰ বিয়াৰ বাবে প্ৰায় ১৮ লাখ টকা লকাৰত ৰাখিছিল। কিন্তু সেই টকাত এতিয়া উঁইৱে ধৰিলে। ১৮ লাখকৈ টকা উঁই পোকে নষ্ট কৰাত মহিলাগৰাকীৰ মূৰত যেন সৰগ ভাঙি পৰিছে।

উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ মোৰাদাবাদ জিলাত সংঘটিত হৈছে এই ঘটনাটো। অলকা পাঠক নামৰ এগৰাকী মহিলাই জীয়েকৰ বিয়াৰ বাবে বেংক অফ বৰোডাৰ লকাৰত ১৮ লাখ টকা আৰু কিছু গহনা ৰাখিছিল। এই ধন তেওঁ প্ৰায় ডেৰ বছৰ আগতে জমা কৰিছিল বুলি জানিব পৰা গৈছে। আচলতে অলকাই টকাখিনি বেংকৰ লকাৰত এই কাৰণে ৰাখিছিল যাতে কষ্টৰ টকাখিনি নিৰাপদ হয় কিয়নো সেই টকাখিনি তেওঁ জীয়েকৰ বিয়াত খৰচ কৰিব। আৰু সেই টকা উই পোকে নষ্ট কৰি পেলালে। 

bank

ঘটনাৰ বিৱৰণ অনুসৰি, বেংকৰ বাৰ্ষিক লকাৰ চাৰ্জ আৰু কে ৱাই চিৰ নথি-পত্ৰ জমা দিবলৈ বেংকে অলকাক ফোন কৰিছিল। সেইমতে তেওঁ বেংকলৈ যায়। বেংকলৈ গৈ সকলো কাম কৰি উভতাৰ সময়ত এবাৰ লকাৰটো চাওঁ বুলি যেতিয়া তেওঁ লকাৰটো খুলিলে। লকাৰটো ভিতৰত থকা টকা খিনি দেখি তেওঁৰ চকু কপালত উঠিল।

কাৰণ সকলো টকা উই পোকে খাই পেলালে। লগে লগে তেওঁ বেংকৰ মেনেজাৰক ঘটনাটো জনালে। জানিব পৰা মতে, অলকাৰ এটা সৰু ব্যৱসায় আছে, টিউচনো কৰে। আৰু সেই টকা তেওঁ অলপ অলপকৈ জমা কৰি ৰাখিছিল। কিন্তু তেওঁ গম পোৱা নাছিল যে তেনেকৈ বেংকৰ লকাৰত টকা ৰাখিব নোৱাৰি। টকাখিনি সুৰক্ষিত ৰাখিবলৈ তেওঁ লকাৰত ৰাখি আহিছিল। আৰু সেই কষ্টৰ ধন উই পোকে খাই পেলালে।

bank

এহাজাৰ, দুহাজাৰ টকা নহয়, মুঠ ১৮ লাখকৈ টকা উঁই পোকে নষ্ট কৰিলে। টকাখিনি নষ্ট হোৱা দেখি মহিলাগৰাকীয়ে মূৰে কপালে হাত দিলে। কিন্তু বেংকৰ মেনেজাৰে গোটেই ঘটনাটো অতি গুৰুত্বসহকাৰে চাইছে। ওপৰ মহলত গোটেই ঘটনাটো তেওঁ জনাইছে। কিন্তু লকাৰত টকা ৰাখিলে কি ভয়াৱহ পৰিণতি হ'ব পাৰে সেয়া আকৌ এবাৰ পোহৰলৈ আহিল।

কিন্তু শেষত তেওঁ টকাখিনি ঘূৰাই পাব নে নাপাব সেয়া জনা নাযায়। কিন্তু মহিলাগৰাকীৰ মূৰত যেন সৰগ ভাগি পৰিছে। এতিয়া কৰ পৰা তেওঁ জীয়েকৰ বিয়াৰ বাবে ধন সংগ্ৰহ কৰিব সেয়া ভাবি পোৱা নাই। কিয়নো এই ধন তেওঁ বৰ কষ্টেৰে সংগ্ৰহ কৰিছিল। কিন্তু সেই টকাও এতিয়া হাতৰ পৰা গুচি গ'ল!

Category