শনিবাৰে কি ৰঙৰ কাপোৰ পিন্ধিলে সন্তুষ্ট হয় শনিদেৱ, আনহাতে কি ৰং পৰিধান কৰিলে ক্ৰোধিত হয় শনিদেৱ?.....

শনি

শনিবাৰৰ দিনটো শনিদেৱক উৎসৰ্গা কৰা হয়। লোকবিশ্বাস অনুসৰি, শনি দেৱে এজন ব্যক্তিৰ প্ৰতিটো ভাল আৰু বেয়া কামৰ হিচাপ ৰাখে আৰু সেই অনুসৰি তেওঁ ফল দিয়ে। যদি শনি দেৱ আপোনাৰ ওপৰত সন্তুষ্ট হয়, তেন্তে তেওঁ অৰ্থনৈতিক, সামাজিক বা পৰিয়ালকেন্দ্ৰিক সকলো সমস্যাৰ সমাধান দিয়ে। ইয়াৰ বিপৰীতে যদি অসন্তুষ্ট হয়, তেন্তে সেই ব্যক্তিৰ জীৱন ধ্বংস কৰিব পাৰে। 

শনি

শনি দেৱক সন্তুষ্ট কৰাৰ এক বিশেষ উপায় আছে। হয়, কিছুমান ৰঙৰ কাপোৰ পিন্ধি আপুনি শনি দেৱক সন্তুষ্ট কৰিব পাৰে। আজি এই বিষয়ে জানো আহক-

শনি দেৱৰ প্ৰিয় ৰং কি জানেনে ?

নীলা আৰু ক'লা ৰঙৰ কাপোৰ শনি দেৱৰ অতি প্ৰিয়। সেয়েহে শনি দেৱক সন্তুষ্ট কৰিবলৈ শনিবাৰে নীলা আৰু ক'লা কাপোৰ পিন্ধিব লাগে।তদুপৰি শনিবাৰে আপোনাৰ পইচাৰ বেগত নীলা বা ক'লা কাপোৰ এটুকুৰো ৰাখিব পাৰে।বিশেষকৈ, মিথুন ৰাশিৰ লোকসকলৰ বাবে শনিবাৰে ক'লা ৰং পিন্ধাটো অতি শুভ বুলি গণ্য কৰা হয়।

যদি বৃশ্চিক ৰাশিৰ লোকসকলে শনিবাৰে ক'লা কাপোৰ পিন্ধে, তেন্তে তেওঁলোকে বৈবাহিক সুখ লাভ কৰে। নিয়মৰ মাজেৰে উপাসনা আৰু উপবাস কৰি শনি দেৱৰ আশীৰ্বাদ লাভ কৰাৰ লগতে আৰু সকলো দুখ আঁতৰ হয়। 

শনি

শনিবাৰে ভুলতো এই ৰঙৰ কাপোৰ পৰিধান নকৰিব -

শনিবাৰৰ দিনটোত ভুলতো পাতল ৰঙৰ কাপোৰ পিন্ধিব নালাগে।অন্যথা ঘৰত ধন-সম্পত্তিবৃদ্ধি নহয়। জ্যোতিষশাস্ত্ৰ অনুসৰি, ক'লা, মুগা, নীলা ৰঙৰ দৰে গাঢ় ৰং শনিদেৱৰ প্ৰিয় ৰং। সেয়েহে শনি দেৱক সন্তুষ্ট কৰিবলৈ শনিবাৰে সদায় গাঢ় ৰঙৰ কাপোৰ পিন্ধিব লাগে। 

Category