মা দুৰ্গাই প্ৰতিটো মুহূৰ্ততে ৰক্ষা কৰে এই ৪ ৰাশিৰ ব্যক্তিক, সেই ৪ ৰাশিৰ ভিতৰত আপোনাৰ ৰাশিও আছে নেকি? জানি লওঁক........

Durga Devi

দুৰ্গা পূজালৈ মাজত মাত্ৰ এমাহ বাকী। শাৰদীয় নৱৰাত্ৰি হিচাপে অসম, পশ্চিম বংগকে ধৰি কেইবাখনো ৰাজ্যত পালন কৰা হয় নৱৰাত্ৰিৰ। নৱৰাত্ৰিৰ ৯ দিনত দেৱীৰ ৯টা ৰূপক ভিন্নৰূপে আৰাধনা কৰা হয়। অশুভ শক্তিৰ বিনাশকাৰী দুৰ্গা দেৱীৰ কৃপা কেইটামান ৰাশিৰ ওপৰত বিশেষভাৱে থাকে।

জানো আহক সেই শুভ ৰাশি ৪ টা কি কি? 

মেষ ৰাশি -

মেষ ৰাশি

মেষ ৰাশিৰ জাতকসকল জন্মৰ পৰাই সৌভাগ্যশালী হয়। সাধাৰণতে তেওঁলোকে যি কামেই হাতত নলওক কিয় সফলতা লাভ কৰিবলৈ সক্ষম হয়। কাৰণ মা দুৰ্গাৰ আশীৰ্বাদ এইসকলৰ ওপৰত সকলো সময়তে থাকে। দুর্গাৰ আশীৰ্বাদতেই সকলো সময়তে বিলাসবহুল জীৱন কটাই মেষ ৰাশিৰ জাতকে। সন্তানৰ পৰাও সুখবৰ লাভ কৰে এই ৰাশিৰ জাতক।

সিংহ ৰাশি -

সিংহ ৰাশি

মা দুৰ্গাৰ আশীৰ্বাদ সকলো সময়তে থাকে সিংহ ৰাশিৰ জাতকসকলৰ ওপৰত। বিশেষকৈ শাৰদীয় দুর্গাপূজাৰ সময়ত দেৱীৰ বিশেষ কৃপা এই ৰাশিৰ জাতকে লাভ কৰে। দুৰ্গাৰ কৃপাত প্ৰচুৰ অৰ্থ লাভ কৰে এই ৰাশিৰ জাতকে। দুৰ্গাৰ কৃপাতেই পৰিয়ালত সুখ আৰু শান্তিও আহে সিংহ ৰাশিৰ জাতকৰ। প্ৰেমৰ সম্পৰ্কও মধুৰ হয়। কর্মক্ষেত্ৰত দেৱীৰ আশীৰ্বাদতে প্ৰচুৰ উন্নতি কৰাৰ সুযোগ পায় সিংহ ৰাশিৰ জাতকে।

তুলা ৰাশি -

তুলা ৰাশি

দুৰ্গাৰ আশীৰ্বাদত সুখ আৰু সৌভাগ্য বৃদ্ধি পায় তুলা ৰাশিৰ জাতকৰ। কোনো আর্থিক কষ্টই কাবু কৰিব নোৱাৰে এই ৰাশিৰ জাতক। উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰাৰ যোগ আছে। দেৱীৰ দয়াত তুলা ৰাশিৰ জাতকৰ দাম্পত্য জীৱন সুখৰ হয়। কৰ্মক্ষেত্ৰত সহজে উন্নতি কৰে।

বৃশ্চিক ৰাশি -

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ জাতকৰ ওপৰত সকলো সময়তে দুৰ্গাৰ আশীৰ্বাদ থাকে। দেৱীৰ কৃপাত জীৱনত প্ৰচুৰ উন্নতি কৰাৰ সুযোগ পাব। আর্থিক ভাবে নানান দিশৰ পৰা লাভৱান হ'ব। সমাজত মান সন্মান আৰু প্ৰতিপত্তি লাভ কৰিব বৃশ্চিক ৰাশিৰ জাতকে।

Category
Profile picture for user UB Photos