আহিনৰ আচঁলত ধৰি ধৰাৰ বুকুলৈ নামিছে শৰৎ! শৰতৰ সুবাসত মতলীয়া শুভ্ৰ কহুঁৱা....

ahin

শুকুলা আৱেশৰে কঁহুৱা ফুলিছে, তল সৰা শেৱালিৰ শুভ্ৰ চাদৰৰে চোতাল ভৰিছে, পদুলিৰ দুৱৰিক নিয়ৰে চুমিছে, নৈ পাৰৰ কঁহুৱাবোৰে হাঁহি হাঁহি ঋতুৰাণী শৰতক আদৰিছে।

sewali


শৰৎ মাথোঁ এটি ঋতু নহয়, ই সৌন্দৰ্য্য মধুৰতাৰ প্ৰতীক। প্ৰকৃতিৰ স্বত্ৰ ছায়াত আহিনৰ বোকোচাত উঠি আগমন ঘটে, ঋতুৰাণী শৰতৰ। সকলোৰে মাজত আনন্দৰ বতৰা কঢ়িয়াই আনে শৰতে। 

kahua

 

শৰৎ মানেই কহুঁৱা নিয়ৰ সিক্ত দূৱৰি-বনৰ স্বচ্ছল মাদকতাই প্ৰকৃতিৰ চৌদিশে মন-প্ৰাণ চঞ্চল কৰি সুভাষিত কৰে। শৰৎ বুলিলেই, বুকুত স্পন্দিত হয় মায়া-সনা আবেগ অনুভূতি। জাগ্রত হয়, আশাৰ প্ৰত্যয়ৰ ৰাগিনী। শেৱালিৰ সুবাসত বিলীন হৈ যায়, প্ৰতিটো শাৰদীয় পুৱা। শুভ্র শেৱালি ফুলে মন মতলীয়া কৰে, ছন্দোময়ী কৰি তোলে লগতে প্ৰত্যেকজন ব্যক্তিৰ ক্লান্তি, অৱসাদ, জীয়াই থকাৰ তাড়না, হতাশা, হুমুনিয়াহ একাষৰীয়া কৰি এটি ক্ষণৰ বাবে বিচাৰি পায় প্ৰকৃতিৰ শৰতৰ সুবাসত আশাৰ পাপৰি, জানোছা এক সম্ভাৱনাৰ ৰেঙণি। নিয়ৰ সৰা দুবৰিত হেঁপাহৰ সপোন সামৰে কবিৰ শুকুলা পাতত শব্দ হৈ।

sarat

 

আনহাতে, শৰৎ হৈছে ঋতুৰ উৎসৱ। এই শৰৎ কালতেই, দূৰ্গা পূজা উদযাপিত হয়। ই-সৰ্ব শক্তিৰ আধাৰত শক্তিৰূপী, দূৰ্গতিনাশিনী, মাঁ-দূৰ্গা ধৰাৰ বুকুলৈ নামি আহি সকলোৰে দুখ-দুৰ্দশা, ভ্ৰষ্টাচাৰ-অনাচাৰ, মিথ্যাচাৰ পৰিহাৰ কৰিবলৈ মানুহৰূপী অসুৰবোৰক বধ কৰি সমাজত শান্তিৰ বন্যা কঢ়িয়াই আনে। শৰতৰ আগমনে শ্ৰী কৃষ্ণৰ ৰাসৰ বতৰা আনে, শাৰদীয় ৰাস পূৰ্ণিমাতে কৃষ্ণ প্ৰেমৰ অন্যান্য নিদৰ্শন দেখা যায় অসমীয়াৰ হৃদয়ত।
 

Category
Profile picture for user UB Photos