যোৱা ১৩ ছেপ্টেম্বৰত দিল্লীৰ শাৰদ পাৱাৰৰ ঘৰত বিৰোধী মিত্ৰজোঁট 'ইণ্ডিয়া'ৰ সমন্বয় সমিতিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ শেষত মিত্ৰজোঁটে ঘোষণা কৰে যে, তেওঁলোকে এলানি টিভি শ্ব' আৰু উপস্থাপকক বৰ্জন কৰিব।
উল্লেখ্য যে, বিৰোধী দলসমূহৰ মিত্ৰজোঁট ইণ্ডিয়াই দেশৰ ১০ টা টিভি চেনেলৰ ১৪ জন এংকৰক বহিষ্কাৰ কৰাৰ সিদ্ধান্ত বৰ্তমান যথেষ্ঠ চৰ্চাত আছে। এই সিদ্ধান্ত নিন্দা কৰিছে বিজেপিয়ে।
এক বিবৃতিত দলটোৰ মুখ্য মুখপাত্ৰ তথা সাংসদ অনিল বালুনীয়ে কয় যে বিৰোধী দলসমূহে তেওঁলোকৰ অত্যাচাৰী, স্বৈৰাচাৰী আৰু নেতিবাচক মানসিকতা প্ৰদৰ্শন কৰিছে। জৰুৰীকালীন অৱস্থাৰ সময়ত সংবাদ মাধ্যমক শ্বাসৰুদ্ধ কৰা হৈছিল আৰু এই 'অহংকাৰী' মিত্ৰতাৰ সৈতে জড়িত পক্ষবোৰে একে বিশৃংখল আৰু জৰুৰী কালীন মানসিকতাৰে কাম কৰি আছে।
উল্লেখ্য যে, বৃহস্পতিবাৰে ৰাজহুৱা কৰা হয় ১৪ গৰাকী উপস্থাপকৰ নাম। 'ইণ্ডিয়া'ই বৰ্জন কৰা এংকৰসকলৰ ভিতৰত আছে অদিতি ত্যাগী, অমন চোপ্ৰা, আমিশ দেৱগান, আনন্দ নৰসিংহ, অৰ্ণব গোস্বামী, অশোক শ্ৰীবাস্তৱ, চিত্ৰা ত্ৰিপাঠী, গৌৰৱ সাৱন্ত, নাভিকা কুমাৰ, প্ৰাচী পৰসাৰ, ৰুবিকা লিয়াকত, আৰ শিৱুৰ, সুধীৰ চৌধুৰী আৰু সুধান চৌধুৰী।
- Log in to post comments