পৰকীয়া প্ৰেমেই কাল হৈ পৰিল এটা পৰিয়ালৰ বাবে! প্ৰথমে প্ৰেমিকাক ঘপিয়াই হত্যা তাৰপাছত প্ৰেমিকে ল’লে চূড়ান্ত সিদ্ধান্ত.....

Murder Case

গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে এক জঘন্য কাণ্ড। অবৈধ প্ৰেমেই কাল হৈ পৰিল এটা পৰিয়ালৰ বাবে। মহিলাগৰাকীৰ স্বামী আৰু দুই সন্তানক আক্ৰমণ কৰে অবৈধ প্ৰেমিকে।

Murder Case

উল্লেখ্য যে, নিৰঞ্জন গোহাঁই নামৰ লোকজনে সংঘটিত কৰে এই লোমহৰ্ষক ঘটনাটো। বিগত ৩ বছৰ পুৰ্বৰে পৰা নিৰঞ্জন গোহাই নামৰ চালক এজনৰ লগত অবৈধ সম্পৰ্ক ৰক্ষা কৰি আহিছিলৰীতা দাস নামৰ মহিলাগৰাকীয়ে। সেয়েহে ৰীতা দাসক হত্যা কৰে নিৰঞ্জন গোহাঁয়ে।

Murder Case


উল্লেখযোগ্য যে ১৩ বছৰৰ পূৰ্বে অৱণী দাসৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ৰীতা দাস। বিগত ৩ বছৰৰ পৰা ৰীতাৰ সৈতে নিৰঞ্জনৰ আছিল অবৈধ সম্পৰ্ক। ৩ মাহ পূৰ্বে নিৰঞ্জনৰ সৈতে পলাই গৈছিল ৰীতা। স্বামী, দুই সন্তানক মৰিয়াই হাত-ভৰি ভাঙি পেলাই থৈ পলাই গৈছিল ৰীতা আৰু প্ৰেমিক নিৰঞ্জন। কিন্তু পুনৰ নিৰঞ্জনক এৰি স্বামীগৃহলৈ উভতি আহিছিল ৰীতা। সেই ক্ষোভতে নিশা নিৰঞ্জনে এই জঘন্য ঘটনা সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে।

Murder Case

m

অৱণী দাসসহ দুই সন্তান বৰ্তমান চিকিৎসাধীন। আহত এটি সন্তানৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। মহানগৰীৰ বৰাগাঁৱত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। মন কৰিবলগীয়া যে পূৰ্বেও নিৰঞ্জনে কাটিছিল নিজ পিতৃক। পূৰ্বে বিবাহিত আছিল নিৰঞ্জন গোহাঁই। শিলচৰ থাকে নিৰঞ্জনৰ পত্নী। নিশা সংঘটিত এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত।

Category
Profile picture for user UB Photos