SI জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰথমটো গোচৰৰ অভিযোগনামা দাখিল CBIৰ; কাৰ কাৰ নাম অন্তভুক্ত এই অভিযোগনামাত.......?

Junmoni

চলিত বৰ্ষৰ ১৬ মে' তাৰিখে পুৱতি নিশা সংঘটিত হোৱা এক ৰহস্যজনক পথ দুৰ্ঘটনাত মৃত্যু হৈছিল SI জোনমণি ৰাভাৰ। কণ্টেইনাৰ ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হৈছিল জোনমণি ৰাভাৰ মাৰুতি বাহনৰ। জোনমণি ৰাভাৰ মৃত্যুৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰিছিল পৰিয়ালৰ লোকে।

আনহাতে, এই কাণ্ডৰ সৈতে তদানীন্তন নগাওঁ জিলাৰ আৰক্ষী অধীক্ষক লীনা দলেৰ লগতে নগাওঁ আৰক্ষী কেইবজনো বিষয়াৰ নাম সাঙোৰ খাইছিল। তাৰ পাছতে সমগ্ৰ ঘটনাটো সঠিক তদন্তৰ বাবে  CBIৰ হাতত দিয়া হৈছিল। 

junmoni

আজি SI জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰথমটো গোচৰৰ অভিযোগনামা দাখিল। CBI-এ দাখিল কৰিলে প্ৰথমটো গোচৰৰ অভিযোগনামা। লখিমপুৰত ৰুজু হোৱা ৯৬/২০২৩নং গোচৰৰ অভিযোগনামা দাখিল কৰিলে তদন্তকাৰী সংস্থাটোৱে। অভিযোগনামাত ৪টা অভিযুক্তৰ নাম উল্লেখ CBIৰ। অভিযুক্তকেইটা নুৰ মহম্মদ, আজিজুৰ ৰহমান, মজিবুৰ ৰহমান আৰু ৰিয়াজুল ইছলাম।

উল্লেখযোগ্য যে, বৰ্তমানো জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত অব্যাহত ৰাখিছে CBI–এ।

Category
Profile picture for user UB Photos