এইবাৰ অভিযন্তাৰ ঘৰৰ পৰা উদ্ধাৰ ৪৫ লাখতকৈও অধিক ধন! বৰ্তমানো দুৰ্নীতি নিবাৰক শাখাৰ অভিযান অব্যাহত.......

Bribe

পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। এই অভিযানত দুৰ্নীতি নিবাৰক শাখাৰ জালত এগৰাকী অভিযন্তা। হাফলঙৰ কাৰ্যবাহী অভিযন্তা মনোজ কুমাৰ শইকীয়াৰ ঘৰত লক্ষাধিক টকা উদ্ধাৰ।

bribe

উল্লেখ্য় যে, হাফলং লোক নিৰ্মাণ বিভাগ (পথ) ডিভচনৰ কাৰ্যবাহী অভিযন্তা মনোজ কুমাৰ শইকীয়াৰ চৰকাৰী বাসগৃহত এক অভিযান চলায় দুৰ্নীতি নিবাৰক শাখাই। এই অভিযানত দুৰ্নীতি নিবাৰকৰ দলে ৪৫ লাখ ৫৪ হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হয়।

হাফলঙত ঘোচ লৈ থকা অৱস্থাতে গ্ৰেপ্তাৰ কৰা হৈছিল কাৰ্যবাহী অভিযন্তা মনোজ কুমাৰ শইকীয়াক। তেওঁৰ বাসগৃহৰ ছোফা, বিছনাত টকাৰ দ’ম উদ্ধাৰ কৰা হয়। লগতে কেইবাখনো ATM কাৰ্ড আৰু বহু নথি পত্ৰ দুৰ্নীতি নিবাৰক শাখাই জব্দ কৰে।

bribe

লোক নিৰ্মাণ বিভাগৰ হাফলঙৰ কাৰ্যকৰী অভিযন্তা হিচাপে কৰ্মৰত মনোজ কুমাৰ শইকীয়াই বিল মুকলিৰ নামত উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছিল। জানিব পৰা মতে, বৃহস্পতিবাৰে এজন ঠিকাদাৰৰ পৰা ১০ হাজাৰ টকা উৎকোচ লৈ হাতে-লোটে ধৰা পৰে কাৰ্যকৰী অভিযন্তাজন। পিছত দুৰ্নীতি নিবাৰক শাখাই অভিযন্তা শইকীয়াক গ্ৰেপ্তাৰ কৰে।

Category
Profile picture for user UB Photos