দিনক দিনে অসুৰক্ষিত হৈ পৰিছে মহানগৰীৰ ৰাজপথ । বিশেষকৈ যুৱতী-মহিলাসকলৰ বাবে একেবাৰেই যেন সুৰক্ষিত নহয়। মোবাইল ফোন চোৰে হওক বা চেইন চোৰেই হওক এতিয়া সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীও হৈ পৰিছে অপৰাধজনিত কাণ্ডৰ এক মূল স্থান।
ৰাস্তাত অকলশৰীয়াকৈ যুৱতী-মহিলাৰ পৰা বাইকেৰে অহা দুৰ্বৃত্তই চেইন, বেগ, টকা, মোবাইল ফোন আদি কাঢ়ি নিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে মহানগৰীৰ ৰাজপথত নিৰাপত্তাহীনতাত ভুগিছে খোদ এগৰাকী মহিলা আৰক্ষীয়ে।
সাধাৰণ মহিলা বাদে , খুদ এগৰাকী মহিলা আৰক্ষীৰ সৈতে কৰিলে জঘন্য কাণ্ড। এগৰাকী মহিলা কনিষ্টবলক কৰ্তব্যত থকা অৱস্থাতে দুজন যুৱকে ৰাস্তাৰ মাজতে বাইকেৰে আগচি ধৰি “অশ্লীল ইংগিত” দিয়ে।
বুধবাৰে নিশা মহানগৰীৰ দীঘলীপুখুৰীৰ সমীপত সংঘটিত হৈছিল এই ঘটনা। অৱশ্যে মহিলাগৰাকীয়ে তৎপৰতাৰে ঘটনাস্থলীতে ২ যুৱকক আটক কৰি লতাশিল আৰক্ষীক গতাই দিয়ে।
ধৃত যুৱক দুজনৰ নাম বিকি বড়ো আৰু পংকজ দাস বুলি জানিব পৰা গৈছে। জানিব পৰা অনুসৰি, পেছাত যুৱক দুজন ৰেপিড’চালক। পল্টনবজাৰ আৰক্ষী থানাত কৰ্মৰত মহিলা কনিষ্টবলগৰাকী।
- Log in to post comments