Charaideo Maidam

বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ প্ৰাকক্ষণত ঐতিহাসিক চৰাইদেউ মৈদামত আজিৰে পৰা আৰম্ভ হৈছে বহু প্ৰত্যাশিত চৰাইদেউ মহোৎসৱ ২০২৪। এই মহোৎসৱ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব। এইবাৰৰ মহোৎসৱত স্বৰ্গদেউ চাওলুং চুকাফাৰ বৃহৎ শাসন ব্যবস্থাৰ প্ৰতীকী উপস্থাপন কৰা হৈছে। 

লগতে, টাই-আহোম জনগোষ্ঠীৰ লোক সংস্কৃতি, বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক কাৰ্যসূচী তথা থলুৱা খেল-ধেমালিৰ প্ৰতিযোগিতা মহোৎসৱৰ হ’ব বিশেষ আকৰ্ষণ। বিভিন্ন কাৰ্যসূচীৰ উপৰি বাণিজ্য মেলা, গ্ৰন্থ মেলা, কৃষি মেলা,জনগোষ্ঠীয় খাদ্য মেলাৰো আয়োজন কৰা হৈছে চৰাইদেউ মহোৎসৱত।