united nations

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতে স্থায়ী সদস্যৰ স্থান পাব লাগে বুলি সমৰ্থনত মত আগবঢ়ায় বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি ইলন মাস্ক। মাস্ক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্যৰ স্থানত ভাৰতৰ অনুপস্থিতিক অৰ্থহীন আৰু আশ্বৰ্য্যকৰ বুলি অভিহিত কৰে।

লগতে কয় যে, পৃথিৱীৰ আটাইতকৈ অধিক জনবহুল দেশ হোৱাৰ পিছতো ভাৰত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী আসন নথকাটো অৰ্থহীন।

এক টুইটত মাস্ক উল্লেখ কৰে যে কিছু ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ সংস্থা সমূহৰ পুনৰীক্ষণৰ প্ৰয়োজন আছে। তদুপৰি আফ্ৰিকাই‌ সামূহিক ভাবে ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্যৰ স্থান লাভ কৰিব লাগে বুলিও পোষকতা কৰে।