Colly Flowers

শীতকালত উৎপাদিত অন্যতম পাচলি হৈছে ফুলকবি। প্ৰায়ভাগ লোকৰে প্ৰিয় এই ফুলকবি। ফুলকবিক স্বাস্থ্যৰ বাবে উপকাৰী বুলি ধাৰণা কৰি লয় প্ৰায় লোকে। ফুলকবিৰ ভাজি, মাছৰ সৈতে ফুলকবি, মুঠতে বিভিন্নধৰণেৰে আঞ্জা বনাই খাই ফুলকবি। কিন্তু, অত্যধিক পৰিমাণে ফুলকবি খোৱাৰ ফলত হজম শক্তি কমি যায়, স্বাস্থ্যৰ ক্ষতি হয়। কিয়নো ফুলকবি উৎপাদনত যথেষ্ট পৰিমাণে ৰাসায়নিক কীটনাশক দ্ৰৱ ব্যৱহাৰ কৰা হয়। যি স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।