Gujarat Election

গুজৰাটত আজি অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ৷  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ৰাজ্য খনৰ  মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে আজি  দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ভোটদান কৰে। গৃহমন্ত্ৰী অমিত শ্বাহেও আহমেদাবাদত ভোট দান কৰিলে।

৬১ টা ৰাজনৈতিক দলৰ মুঠ ৮৩৩ জন প্ৰাৰ্থীয়ে আহমেদাবাদ, বদোদৰা, গান্ধীনগৰ আৰু অন্যান্য জিলাত বিয়পি থকা এই বিধানসভা সম্ষ্টিসমূহত প্ৰতিদ্বন্দিতা কৰিছে।ৰাজ্য খনত ১ ডিচেম্বৰত অনুষ্ঠিত  হৈছিল প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ৷