Poison

চৰাইদেউ জিলাৰ মাহমৰাত অঘটন। আইৰণ টেবলেট খাই অসুস্থ মাহমৰাৰ দুখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী। মাহমৰাৰ ৬৮৬ নং নির্মলীয়া প্ৰাথমিক বিদ্যালয়ত আইৰন টেবলেট খাই অসুস্থ ২৬ গৰাকীৰো অধিক ছাত্ৰ-ছাত্ৰী। আনহাতে খেৰণিপথাৰ প্ৰাথমিক বিদ্যালয়ৰো প্ৰায় একুৰোধিক ছাত্ৰ-ছাত্ৰী অসুস্থ হৈ পৰিছে। জানিব পৰা মতে বিদ্যালয় দুখনত চিকিৎসা কৰ্মীয়ে যোগান ধৰা আইৰন টেবলেট গ্ৰহণ কৰাৰ পাছতেই পেটৰ বিষৰ লগতে অন্যান্য ৰোগৰ লক্ষনে দেখা দিয়ে ছাত্ৰ-ছাত্ৰীসকলক। অসুস্থ হৈ পৰখ ছাত্ৰ-ছাত্ৰী সকলক প্ৰাথমিক চিকিৎসাৰ বাবে ইতিমধ্যে জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।