World Television Day

আজি ২১ নৱেম্বৰ। বিশ্ব টেলিভিছন দিৱস। প্ৰতি বছৰৰ ২১ নৱেম্বৰ দিনটো বিশ্বৰ বিভিন্ন দেশত বিশ্ব দুৰদৰ্শন দিৱস বা আন্তৰ্জাতিক টেলিভিছন দিৱস হিচাপে পালন কৰি অহা হৈছে। কেইবা দশক ধৰি দুৰদৰ্শনে মানৱ সমাজত এক অপৰিহাৰ্য্য অংগ হিচাপে স্বীকৃতি লাভ কৰি আহিছে। দৈনন্দিন জীৱনত দুৰদৰ্শনৰ ভূমিকা লেখত ল’বলগীয়া। স্মাৰ্ট ফোনৰ দিনটো মনোৰঞ্জনৰ বাবে মানুহে ব্যৱহাৰ কৰে দুৰদৰ্শন। লগতে অৰ্থনৈতিক আৰু সামাজিক বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি দুৰদৰ্শনে সমগ্ৰ বিশ্বৰ জ্ঞান বৃদ্ধি কৰাত সহায় কৰে। ইউনেস্কোৱে টেলিভিছনক যোগাযোগ আৰু তথ্যৰ এক গুৰুত্বপূৰ্ণ সঁজুলি হিচাপে চিনাক্ত কৰিছে। ১৯২৭ চনত আমেৰিকাৰ এজন ২১ বছৰীয়া যুৱকে পোনপ্ৰথমে ইল