আজি বিশ্ব টেলিভিছন দিৱস। জানো আহক ইয়াৰ ইতিহাস 

World Television Day

আজি ২১ নৱেম্বৰ। বিশ্ব টেলিভিছন দিৱস। প্ৰতি বছৰৰ ২১ নৱেম্বৰ দিনটো বিশ্বৰ বিভিন্ন দেশত বিশ্ব দুৰদৰ্শন দিৱস বা আন্তৰ্জাতিক টেলিভিছন দিৱস হিচাপে পালন কৰি অহা হৈছে। কেইবা দশক ধৰি দুৰদৰ্শনে মানৱ সমাজত এক অপৰিহাৰ্য্য অংগ হিচাপে স্বীকৃতি লাভ কৰি আহিছে। দৈনন্দিন জীৱনত দুৰদৰ্শনৰ ভূমিকা লেখত ল’বলগীয়া। স্মাৰ্ট ফোনৰ দিনটো মনোৰঞ্জনৰ বাবে মানুহে ব্যৱহাৰ কৰে দুৰদৰ্শন। লগতে অৰ্থনৈতিক আৰু সামাজিক বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি দুৰদৰ্শনে সমগ্ৰ বিশ্বৰ জ্ঞান বৃদ্ধি কৰাত সহায় কৰে। ইউনেস্কোৱে টেলিভিছনক যোগাযোগ আৰু তথ্যৰ এক গুৰুত্বপূৰ্ণ সঁজুলি হিচাপে চিনাক্ত কৰিছে। ১৯২৭ চনত আমেৰিকাৰ এজন ২১ বছৰীয়া যুৱকে পোনপ্ৰথমে ইলেক্ট্ৰনিক টেলিভিছন আৱিস্কাৰ কৰিছিল। Philo Farnsworth নামৰ এই যুৱকজনেই আছিল দুৰদৰ্শনৰ আৱিষ্কাৰক। ১৯২০ দশকত পোনপ্ৰথমেই দুৰদৰ্শনৰ পৰীক্ষনীয় দিশত গুৰুত্ব প্ৰদান কৰা হৈছিল। ১৯২৮ চনৰ ৩ জুলাইত স্কটলেণ্ডৰ ইঞ্জিনিয়াৰ John Logie Baird য়ে পোনপ্ৰথমে ৰঙীন টিভিৰ আৱিস্কাৰ কৰিছিল। ভাৰতলৈ ১৯৫৯ চনৰ ১৫ চেপ্তেম্বৰত Black & White দুৰদৰ্শন অনা হয়। দিল্লীত স্থাপিত দুৰদৰ্শন কেন্দ্ৰ ভাৰতবৰ্ষৰ ইতিহাসৰ বাটকটীয়া। দুৰদৰ্শনৰ ধণাত্মক দিশৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ৰাষ্ট্ৰসংঘই ১৯৯৬ চনৰ ২১ নৱেম্বৰত বিশ্বৰ প্ৰথম বিশ্ব টেলিভিছন মঞ্চ অনুষ্ঠিত কৰিছিল। বিশ্বৰ বিভিন্ন দেশৰ টেলিভিছনৰ লগত জড়িত লোকে এই সভাত অংশগ্ৰহণ কৰে । সভাত টেলিভিছনে পেলাব পৰা বিভিন্ন প্ৰভাৱৰ বিষয়ে যথেষ্ট আলোচনা কৰা হয় লগতে ইয়াৰ অৱদান আৰু পাৰস্পৰিক সহযোগিতা আদি বিষয়ত আলোচনা কৰে আৰু সেই দিনটো বিশ্ব টেলিভিছন দিৱস হিচাপে পালন কৰাৰ পোষকতা কৰে। সেই বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই এই দিনটোক বিশ্ব দুৰদৰ্শন দিৱস পালনৰ কথা ঘোষণা কৰে ৷ মানৱ জীৱনত দুৰদৰ্শনে পালন কৰি আহিছে গুৰুত্বপূৰ্ণ ভূমিকা। ১৯৯৬ চনৰ ১৭ ডিচেম্বৰত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ২১ ডিচেম্বৰ আন্তৰ্জাতিক দুৰদৰ্শন দিৱস ৰূপে ঘোষণা কৰে ।

 

Category
Profile picture for user UB Photos